মহানগৰীৰ ভঙাগড়ৰ নৈশ জীৱনৰ অন্যতম কেন্দ্ৰবিন্দু এক্স’ৰো পাবৰ বিৰুদ্ধে অৱশেষত গা লৰিল প্ৰশাসনৰ। মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পূৰ্বে বলি হোৱা যুৱক-যুৱতীকেইজন এই পাবটোৰ পৰা ওলাই অহাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতে বুধবাৰে প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। নিৰ্ধাৰিত সময়সীমা উলংঘা কৰি গভীৰ নিশিলৈকে সুৰা পৰিৱেশন কৰাৰ অভিযোগত জিলা প্ৰশাসনে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত স্বপ্নীল পালে জাৰি কৰা চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা মতে, আই এম এফ এল অনুজ্ঞাপত্ৰ অনুসৰি নিশা ১২:৩০ বজালৈকেহে পাবখন খোলা ৰখাৰ অনুমতি আছিল। কিন্তু দুৰ্ঘটনাৰ দিনা নিশা ৩ বজালৈকে এই প্ৰতিষ্ঠানটো চলি থকাৰ তথ্য প্ৰমাণ পোৱা গৈছে। এই গুৰুতৰ অনিয়মৰ বাবে উপায়ুক্তই পাবখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে আবকাৰী বিভাগক সমগ্ৰ বিষয়টোৰ ওপৰত ১৫ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ইফালে, এই ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গীতিমা বৰাই নুনমাটি আৰক্ষী থানাত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। আবকাৰী বিভাগৰ নিয়ম উলংঘা কৰি নিশা পলমকৈ গ্ৰাহকক সুৰা পৰিৱেশন কৰাটোৱে দুৰ্ঘটনাৰ দৰে পৰিস্থিতি সৃষ্টিত ইন্ধন যোগাইছে বুলি তেওঁ এজাহাৰত উল্লেখ কৰে।
প্ৰণিধানযোগ্য যে, কেৱল পাব কৰ্তৃপক্ষই নহয়, বৰং আবকাৰী বিভাগৰ একাংশ বিষয়াৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কেনেকৈ বিভাগীয় বিষয়াৰ চকুৰ আগতে এনেধৰণৰ নিয়মৰ উলংঘন চলি আছিল, তাক লৈ অধিবক্তাগৰাকীয়ে এজাহাৰত বিভাগীয় বিষয়াকো অভিযুক্ত কৰিছে। জিলা প্ৰশাসনৰ এই শেহতীয়া পদক্ষেপে মহানগৰীৰ আন বাৰ আৰু পাবসমূহৰ মাজতো এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
