ৰিয়েল মাদ্রিদৰ তাৰকা ফৰৱাৰ্ড কাইলিয়ান এমবাপে ২০২৫-২৬ লা লিগা ছিজনৰ অন্তিম পাঁচখন মেচৰ পৰা বাহিৰ হ’ব পাৰে। শুকুৰবাৰে নিশা ৰিয়েল বেটিছৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ সময়ত তেওঁৰ পেশীত আঘাত পোৱা বুলি নিশ্চিত কৰিছে ক্লাবটোৱে। খেলখন শেষ হোৱাৰ ১০ মিনিট পূৰ্বে এমবাপে খেলপথাৰৰ পৰা ওলাই আহিবলগীয়া হয় আৰু ৰিয়েল মাদ্রিদে ১-০ গ’লত আগবাঢ়ি থাকে৷ অৱশ্যে অৱশেষত হেক্টৰ বেলেৰিনে সমতা স্থাপন কৰি এই ছিজনত মাদ্ৰিদৰ খিতাপ জয়ৰ আশাত ডাঙৰ আঘাত হানে। ৰিয়েল মাদ্রিদৰ ৱেবছাইটত কোৱা হৈছে যে কাইলিয়ান এমবাপেৰ ওপৰত কৰা পৰীক্ষাৰ পিছত তেওঁৰ বাওঁ ভৰিত আঘাত নিশ্চিত হৈছে। ৰিয়েল মাদ্রিদে এমবাপেৰ প্রত্যাৱর্তনৰ কোনো দিন প্রকাশ কৰা নাই৷
ক্লাবটোৱে মাথোঁ উল্লেখ কৰিছে যে এই ছিজনত লা লিগাত ২৪টা গ’ল দিয়া ফৰাচী খেলুৱৈগৰাকীৰ আৰোগ্যৰ বাবে অপেক্ষা কৰি আছে। এই গ্ৰীষ্মকালীন বিশ্বকাপৰ সান্নিধ্যও এটা মূল কাৰক। ১১ জুনত আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনে ফ্ৰান্সৰ হৈ এমবাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। সোমবাৰে লা লিগা ক্লাবে নিশ্চিত কৰে যে ৰিয়েল বেটিছৰ সৈতে ১-১ গ’লত ড্ৰ’ হোৱাৰ সময়ত এমবাপেৰ বাওঁ ভৰিৰ পেশীৰ আঘাত পোৱা গৈছে। এমবাপে নিজৰ হামষ্ট্ৰিংত অস্বস্তি অনুভৱ কৰি দ্বিতীয়াৰ্ধৰ ৩৫ মিনিটত বদলিৰ বাবে অনুৰোধ জনায়। ইয়াৰ পাছতে ৮১ মিনিটত তেওঁৰ ঠাইত গ’নজালো গাৰ্চিয়াই স্থান লাভ কৰে।
সোমবাৰে কৰা চিকিৎসা পৰীক্ষাৰ অন্তত এই আঘাত নিশ্চিত হয়। ৰিয়েল মাদ্রিদৰ হৈ বেটিছৰ বিৰুদ্ধে খেলিছিল এমবাপে৷ ক্লাবৰ সৈতে দ্বিতীয় ছিজনত এই মাইলৰ খুঁটিটো অৰ্জন কৰে তাৰকা ফৰৱাৰ্ডগৰাকীয়ে। এই ১০০খন মেচত এমবাপে ৬৬খন জয়ী হোৱাৰ লগতে সকলো প্ৰতিযোগিতাতে মুঠ ৮৫টা গ’ল দিছে। ২০২৪ চনৰ ১৪ আগষ্টত অভিষেক ঘটোৱাৰ পিছত তেওঁ লা লিগাত ৬২খন, চেম্পিয়নছ লীগত ২৫খন, কোপা ডেল ৰে’ত ৫খন, ক্লাব বিশ্বকাপত ৪খন, স্পেনিছ ছুপাৰ কাপত ৩খন আৰু ইউএফএ ছুপাৰ কাপত ১খন খেল খেলিছে।
