দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান আয়াত চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে যোৱা দুই মে’ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক সকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। আনহাতে অনুষ্ঠানত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানখনত তেওঁলোকৰ শৈক্ষিক জীৱনৰ অভিজ্ঞতা নিজৰ ভাষণ প্ৰসংগত ব্যক্ত কৰে।
উল্লেখযোগ্য যে এইবেলি শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত নুৰাশ্মা বেগমে ৯১.৪ শতাংশ, বিজ্ঞান শাখাত উদিতা পলে ৮৭.৮ শতাংশ আৰু বাণিজ্য শাখাত বিকাশ দাসে ৮৮.৩ শতাংশ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত অৱতীৰ্ণ হোৱা ৭৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬ জনে ডিষ্টিংচন, ১০ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে। একেদৰে প্ৰথম বিভাগত ১৪ জন , দ্বিতীয় বিভাগত ২৪ জন আৰু তৃতীয় বিভাগত ১৬ জন উৰ্ত্তীণ হয়।
বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৩৭ জন শিক্ষাৰ্থীৰ ভিতৰত ১ জনে ডিষ্টিংচন , ১৪ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে। একেদৰে ১৮ জনে প্ৰথম বিভাগ আৰু ৪ জনে দ্বিতীয় বিভাগতত উৰ্ত্তীণ হৈছে। আনহাতে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ২৯ জন শিক্ষাৰ্থীৰ ভিতৰত ২ জনে ডিষ্টিংচন , ৮ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে। ইয়াৰ উপৰিও ১০ জনে প্ৰথম বিভাগ , ৮ জনে দ্বিতীয় বিভাগ আৰু ১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
