কৰ্ণাটকৰ তুমকুৰ জিলাত এইচ৫এন১ ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰে তীব্ৰ আতংকৰ। এই ভাইৰাছৰ ফলত জিলাখনত ৪৪টাকৈ ময়ুৰৰ মৃত্যু হোৱাৰ তথ্য শনিবাৰে সদৰী কৰে জিলা উপায়ুক্ত শুভ কল্যাণে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে সংক্ৰমিত অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।
মৃত ময়ুৰৰ নমুনা পৰীক্ষাত এইচ৫এন১ ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰে। উপায়ুক্ত কল্যাণে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাই কয়, “প্ৰশাসনে ৩১খন হাঁহ-কুকুৰাৰ দোকান আৰু ১০খন ফাৰ্ম ইতিমধ্যে চিনাক্ত কৰিছে।” ৰেপিড ৰেচপন্স দলসমূহে উক্ত এলেকাবোৰত অহৰহ নিৰীক্ষণ চলাই থকা বুলিও তেওঁ লগতে উল্লেখ কৰে।
ইফালে যুটীয়াভাৱে সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কাম কৰিছে স্বাস্থ্য আৰু বন বিভাগে। উপায়ুক্তগৰাকীয়ে জনসাধাৰণক মাংস আদি ভালদৰে উতলাই খোৱাৰ পৰামৰ্শ দিয়াৰ লগতে প্ৰতিটো পদক্ষেপতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, “জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ আছে আৰু বিশেষজ্ঞৰ দলসমূহ ঠাইতে উপস্থিত আছে।”
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত ছত্তীশগড়ৰ বিলাসপুৰতো বাৰ্ড ফ্লুৰ প্ৰকোপ দেখা গৈছিল। এখন চৰকাৰী পামত প্ৰায় ৫৫০০ কুকুৰাৰ মৃত্যু হোৱাৰ পাছত তেনেদৰেই বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, এইচ৫এন১ হৈছে এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ এটা উপ-প্ৰকাৰ, যি বিৰল হ’লেও মানুহ আৰু স্তন্যপায়ী প্ৰাণীক সংক্ৰমিত কৰাৰ ক্ষমতা ৰাখে।
