ধেমাজি জিলাৰ চিলাপথাৰত কালি মাজনিশা এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনিগৰাকী লোকৰ। কুলাজান পুৰাণ তিনিআলিত নিশা প্ৰায় ১ বজাত এখন বিবাহ যাত্ৰীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। অল্টো বাহনখনত থকা আন দুগৰাকী যাত্ৰীও এই দুৰ্ঘটনাত পতিত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ তথ্য অনুসৰি এএছ-০৭ টি-৩৮৪৩ নম্বৰৰ বাহনখন চিলাপথাৰৰ ভৈৰৱপুৰৰ পৰা গোগামুখ অভিমুখে গৈ থকাৰ সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। দুৰ্ঘটনাটোৰ প্ৰচণ্ড খুন্দাৰ ফলত গোগামুখৰ বাসিন্দা অখিল ঘোষ (৪৭), ভদ্ৰেশ্বৰ সোণোৱাল (৫৬) আৰু পংকজ শইকীয়াই (৫০) থিতাতে প্ৰাণ হেৰুৱায়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ যাত্ৰীসকল এখন বিয়াৰ পাৰ্টীৰ পৰা ঘৰলৈ উভতি আহিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ গোগামুখ আৰু চিলাপথাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
