বিজয়ৰ দল আগবঢ়িছে সংখ্যাগৰিষ্ঠতাৰ দিশে, তামিলনাডুত উল্লাসৰ ঢৌ

তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফলত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ নেতৃত্বাধীন টিভিকে (TVK) দলে সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈ এক অভূতপূৰ্ব জোৱাৰৰ সৃষ্টি কৰিছে। ২৩৪ খন আসনৰ ভিতৰত ইতিমধ্যে ১০৮ খনতকৈও অধিক সমষ্টিত বিজয়ে অগ্ৰগতি লাভ কৰি শাসনৰ গাদী দখলৰ যুঁজখনত শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে। পানা ইউৰস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকে সমবেত হৈ মিঠাই বিতৰণ কৰি এতিয়াই বিজয়ক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে।

সমগ্ৰ ৰাজ্যখনত বৰ্তমান বিজয়ৰ অনুৰাগীসকলে ‘থালাপতি’ৰ জয়ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিছে। কেইবাটাও দূৰদৰ্শন চেনেলত বিজয়ৰ পিতৃ এছ এ চন্দ্ৰশেখৰ আৰু পৰিয়ালৰ লোকসকলে এই চমকপ্ৰদ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰা দৃশ্য প্ৰচাৰিত হৈছে। বিশেষকৈ শাসকীয় ডি এম কেৰ কেইবাজনো মন্ত্ৰী আৰু বিজেপিৰ শীৰ্ষ নেতাক পিছ পেলাই বিজয়ে যি ধুমুহাৰ সৃষ্টি কৰিছে, সি এতিয়া দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিছে।

উল্লেখ্য যে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হোৱা ১১৮ খন আসনৰ লক্ষ্যৰ নিচেই কাষত বৰ্তমান টিভিকে দলটো উপনীত হৈছে। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমানৰ এই ধাৰা অব্যাহত থাকিলে বিজয়ৰ দলটোৱে অনায়াসে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত। চহৰৰ পৰা গাঁৱলৈকে অভিনেতাগৰাকীৰ এই বিজয় যাত্ৰাক লৈ এতিয়া সমগ্ৰ তামিলনাডুতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *