Sonakshi Sarkar

1908 Posts
টীম ইণ্ডিয়াৰ টি-২০ অধিনায়ক হ’ব শ্ৰেয়ছ আয়াৰ

টীম ইণ্ডিয়াৰ টি-২০ অধিনায়ক হ’ব শ্ৰেয়ছ আয়াৰ

টীম ইণ্ডিয়াৰ পৰৱৰ্তী টি-২০ অধিনায়ক হ’ব শ্ৰেয়াছ আয়াৰ। শীঘ্ৰে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। টি-২০ৰ অধিনায়ক হিচাপে ভাৰতীয় দলত সূৰ্যকুমাৰ যাদৱৰ ঠাইত আয়াৰে স্থান লাভ কৰিব। এক প্ৰতিবেদন অনুসৰি শ্ৰেয়াছ আয়াৰক টি-২০ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ চূড়ান্ত সিদ্ধান্ত বৃহস্পতিবাৰে বিচিচিআই এপেক্স কাউন্সিলৰ অনলাইন বৈঠকৰ সময়ত লোৱা হ’ব। ইতিমধ্যে টিম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক সন্দৰ্ভত আলোচনা পূৰ্ণগতিত চলি আছিল; এতিয়া এই বিষয়টোক লৈ থকা চাচপেন্স প্ৰায় শেষ হৈছে। বি চি চি আই এপেক্স কাউন্সিলৰ বৈঠকৰ সময়ত শ্ৰেয়াছ আয়েৰৰ নাম অনুমোদন পোৱাৰ পিছত এই সিদ্ধান্তৰ বিষয়ে আন নিৰ্বাচকসকলক আনুষ্ঠানিকভাৱে অৱগত কৰিব মুখ্য নিৰ্বাচক অজিত আগৰকাৰে। টি-২০ৰ অধিনায়ক হিচাপে সঞ্জু চেমছনক নিযুক্তি দিয়াৰ…
Read More
দিল্লীৰ মালভিয়া নগৰৰ হোটেলত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃ*ত্যু

দিল্লীৰ মালভিয়া নগৰৰ হোটেলত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃ*ত্যু

দিল্লীৰ মালভিয়া নগৰৰ ফ্ল’ৰিছ ষ্টে হোটেলত বুধবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ অধিকাংশই মধ্য এছিয়া আৰু আফ্ৰিকাৰ বিদেশী নাগৰিক। নিহত বিদেশী নাগৰিকৰ সঠিক সংখ্যা বৰ্তমান জানিব পৰা হোৱা নাই। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ মতে, পুৱা ৮:৫০ বজাত মালভিয়া নগৰৰ এই হোটেলখনৰ ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ওপৰৰ মহলা আৰু বেছমেণ্টলৈ বিয়পি পৰে। এই ঘটনাৰ ভিডিঅ’ত দেখা গৈছে যে জ্বলি থকা অট্টালিকাটোৰ তৃতীয় আৰু চতুৰ্থ মহলাৰ পৰা জপিয়াই নিজৰ জীৱন ৰক্ষা কৰিছে বহুকেইজনে। মুঠ ৪০ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে বহুতৰে অৱস্থা সংকটজনক। ছয়জনতকৈ অধিক লোককো বেছমেণ্টৰ পৰা উলিয়াই অনা হয়। এই…
Read More
প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  গুৱাহাটীস্থিত  প্ৰথম  আসাম  বেটেলিয়ান এন চি চিৰ   সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ২৩ মে'ৰ  পৰা পহিলা জুনলৈ দহদিনীয়াকৈ নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত  অনুষ্ঠিত হয়।  দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ গুৱাহাটী , নলবাৰী , ৰঙিয়া আৰু তামূলপুৰ আদিৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৫২০ জন  জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে  ভাগ লয়। দহদিনীয়া শিবিৰত কেডেট সকলক  শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ ,  ৰাইফল চালনা, পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ  উপায় আদিৰ  প্ৰশিক্ষণ…
Read More
অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে'ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু প্ৰদীপ ভাৰেচ সন্মানীয় অতিথি তথা ওমপ্ৰকাশ খাকোলিয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকে । দেৱভক্ত, পৰ্যটক আৰু সাধাৰণ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্যসন্মত অনাময় সুবিধা প্ৰদানৰ উদ্দেশ্যে এই শৌচাগাৰসমূহ নাৰেংগীস্থিত এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অজয় পোদ্দাৰ আৰু কাঞ্চন পোদ্দাৰৰ উদ্যোগত নিৰ্মাণ আৰু পৃষ্ঠপোষকতা কৰা হৈছে। বিশেষকৈ অম্বুবাচী মেলা আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ সময়ত আগমন ঘটা হাজাৰ হাজাৰ ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুষ্ঠানত অজয় পোদ্দাৰে…
Read More
৪ বছৰৰ পিছত পুনৰ পেছাদাৰী টেনিছ লৈ উভতিব সাজু ছেৰেনা উইলিয়ামছ

৪ বছৰৰ পিছত পুনৰ পেছাদাৰী টেনিছ লৈ উভতিব সাজু ছেৰেনা উইলিয়ামছ

পেছাদাৰী টেনিছৰ পৰা প্ৰায় চাৰি বছৰ আঁতৰি থকাৰ পাছত ৪৪ বছৰীয়া ছেৰেনা উইলিয়ামছে ডব্লিউ টি এ ট্যুৰলৈ উভতি আহিবলৈ সাজু হৈছে। কুইনছ ক্লাবত পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব ছেৰেনাই।এইখন উইম্বলডনৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা। ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম একক চেম্পিয়ন ছেৰেনা উইলিয়ামছে ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল।দুগৰাকী কন্যাৰ মাতৃ হিচাপে প্ৰতিযোগিতালৈ ঘূৰি আহিব। ২০১৭ চনত অলিম্পিয়াক জন্ম দিয়ে ছেৰেনাই।২০২৩ চনত তেওঁৰ দ্বিতীয় কন্যা আদিৰাৰ জন্ম হয়। ছেৰেনা উইলিয়ামছৰ প্ৰত্যাৱৰ্তনে টেনিছ জগতত উত্তেজনাৰ সৃষ্টি কৰিছে। বহুতে ইয়াক তেওঁৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মুহূৰ্ত বুলি গণ্য কৰে, যিটো কেৰিয়াৰে বাৰে বাৰে এই ক্ৰীড়াৰ মুখখন সলনি কৰি আহিছে। মাতৃ হোৱাৰ পিছত পেছাদাৰী টেনিছলৈ…
Read More
ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য

ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য

গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত কাৰাটে প্ৰতিযোগিভতাত গুৱাহাটীৰ  লংকেশ্বৰ কাৰাটে গীল্ডে বিশেষ সাফল্য লাভ কৰে । প্ৰশিক্ষক খগেন কলিতা আৰু ৰাব্বাৰ তত্বাৱধানত অংশগ্ৰহণ কৰা দলটোৰ ভিতৰত কৃশাংগী দাসে ৰূপ আৰু  ব্ৰঞ্জৰ , উপাস্যা কাশ্যপে  ( বাবলী ) ৰূপ , প্ৰতিস্মিতা দাসে ৰূপ, দুৰ্লভকান্তি কলিতা আৰু  ধৃতিমান ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক  ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে  শ্বিলঙৰ  আই আই এমত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ  চিন্তন শিবিৰত ‘মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা’ লাভ কৰি  বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সন্মানীয় বঁটাটো  কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী  মনসুখ মাণ্ডব্য আৰু ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাডছেৰ উপস্থিতিত  যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক  শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত প্ৰদান কৰে। অসমত সমাজ সেৱা, যুৱ উন্নয়ন আৰু সামাজিক কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ডঃ কাকতিয়ে এই সন্মান লাভ কৰে।…
Read More
ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়া

ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়া

চীনৰ ৱাং জিউক ৬-৩, ৭-৬(৪) ত পৰাস্ত কৰি দেওবাৰে ফ্ৰেন্স অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৰোমানিয়াৰ ছ’ৰানা চিৰষ্টিয়াই। ৱাং জিউৰ পৰা চিৰষ্টেয়াই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশা কৰা হৈছিল। কিন্তু ৰোমানিয়ানগৰাকীৰ অভিজ্ঞতা নিৰ্ণায়ক বুলি প্ৰমাণিত হ’ল। মেচখনৰ এটা বৃহৎ অংশ তেওঁ নিয়ন্ত্ৰণ বজাই ৰাখিছিল, আৰু অৱশেষত যেতিয়া ৱাঙে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, তেতিয়াও তেওঁৰ স্থিৰতা হেৰুৱাব পৰা নাছিল।আৰম্ভণিৰে পৰাই চিৰষ্টিয়াই আধিপত্য বিস্তাৰ কৰিছিল। শ্বটৰ গভীৰতা আৰু উচ্চমানৰ ক’ৰ্টৰ স্থান ব্যৱহাৰ কৰি ৩৬ বছৰীয়া তাৰকাগৰাকীয়ে প্ৰথম ছেটত দুবাৰকৈ চাৰ্ভ ব্ৰেক কৰি ৫-১ ত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰে। কান্ধৰ দীঘলীয়া আঘাতৰ পিছত মাৰ্চ মাহতহে ছিজন পুনৰ আৰম্ভ হোৱা ৱাঙে অৱশেষত…
Read More
বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিগত বৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ উদযাপনৰ বাবে বিজয় শোভাযাত্ৰা নলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে ইয়াত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে। লোকভৱনত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটকৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ শপতগ্ৰহণৰ কথাও মনত ৰাখি আৰ চি বিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা বছৰৰ ৪ জুনত আয়োজন কৰা বিজয় শোভাযাত্ৰাৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত ১১ জন অনুৰাগী নিহত হৈছিল। আৰচিবিৰ এক সূত্ৰই জনোৱা মতে, বেংগালুৰুত কোনো ধৰণৰ…
Read More
২০ কোটি টকাৰ পুৰস্কাৰ লাভ চেম্পিয়ন আৰচিবিৰ

২০ কোটি টকাৰ পুৰস্কাৰ লাভ চেম্পিয়ন আৰচিবিৰ

আইপিএলৰ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল ২০২৬ৰ ট্ৰফী লাভ কৰে। চমৎকাৰ বলিং প্ৰদৰ্শন কৰি আৰ চি বিয়ে গুজৰাট টাইটানছক মুঠ ১৫৫ ৰানত সীমাবদ্ধ কৰি ৰাখে। লক্ষ্য অনুসৰণ কৰি বিৰাট কোহলীয়ে ৭৫ ৰানৰ ইনিংছ খেলে। ফাইনেলত কোহলীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়। বৈভৱ সূৰ্যবংশীক অৰেঞ্জ কেপকে ধৰি কেইবাটাও বঁটা লাভ কৰি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে লাভ কৰে ২০ কোটি টকাৰ পুৰস্কাৰ ধন। একেৰাহে দ্বিতীয়বাৰৰ বাবে দলটোৱে খিতাপ দখল কৰিছে, আৰু একেটা স্থানতে দুয়োটা ট্ৰফী লাভ কৰিছে। ফাইনেলত ৰানাৰ্ছ আপ গুজৰাট…
Read More