21
May
অপাৰেচন সিন্দূৰ এক শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ এক বলিষ্ঠ নিদৰ্শন। দক্ষিণ কোৰিয়াত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণ আৰু বৈশ্বিক স্থিতি সম্পৰ্কে ভাষণ প্ৰদান কৰি তেওঁ কয় যে এই অভিযানে দেশখনে কোনো কাৰণতে সন্ত্ৰাসবাদ সহ্য নকৰে বুলি এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। দেশৰ সুৰক্ষা আৰু পাৰমাণৱিক নীতিৰ প্ৰসংগ উত্থাপন কৰি এক বিশেষ ভাষণ প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। অনুষ্ঠানত দেশৰ পাৰমাণৱিক স্থিতি সম্পৰ্কে তেওঁ কয় যে নতুন দিল্লী নিজৰ স্থিতিত সদায় অলৰ-অচৰ থাকিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰত নিজৰ ‘ন’ ফাৰ্ষ্ট…
