৪ বছৰৰ পিছত পুনৰ পেছাদাৰী টেনিছ লৈ উভতিব সাজু ছেৰেনা উইলিয়ামছ

পেছাদাৰী টেনিছৰ পৰা প্ৰায় চাৰি বছৰ আঁতৰি থকাৰ পাছত ৪৪ বছৰীয়া ছেৰেনা উইলিয়ামছে ডব্লিউ টি এ ট্যুৰলৈ উভতি আহিবলৈ সাজু হৈছে। কুইনছ ক্লাবত পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব ছেৰেনাই।এইখন উইম্বলডনৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা। ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম একক চেম্পিয়ন ছেৰেনা উইলিয়ামছে ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল।দুগৰাকী কন্যাৰ মাতৃ হিচাপে প্ৰতিযোগিতালৈ ঘূৰি আহিব। ২০১৭ চনত অলিম্পিয়াক জন্ম দিয়ে ছেৰেনাই।২০২৩ চনত তেওঁৰ দ্বিতীয় কন্যা আদিৰাৰ জন্ম হয়। ছেৰেনা উইলিয়ামছৰ প্ৰত্যাৱৰ্তনে টেনিছ জগতত উত্তেজনাৰ সৃষ্টি কৰিছে। বহুতে ইয়াক তেওঁৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মুহূৰ্ত বুলি গণ্য কৰে, যিটো কেৰিয়াৰে বাৰে বাৰে এই ক্ৰীড়াৰ মুখখন সলনি কৰি আহিছে। মাতৃ হোৱাৰ পিছত পেছাদাৰী টেনিছলৈ ঘূৰি অহা বিশ্বৰ ১ নং স্থানৰ প্ৰাক্তন খেলুৱৈৰ এটা অভিজাত গোটত যোগদান কৰিছে উইলিয়ামছে।

এই গোটত আছে মাৰ্গাৰেট ক’ৰ্ট, ইভন গুলাগং ক’লি, লিণ্ডচে ডেভেনপ’ৰ্ট, কিম ক্লিজষ্টাৰছ, ভিক্টোৰিয়া আজাৰেংকা, কেৰ’লিন ৱ’জনিয়াকি, এঞ্জেলিক কেৰবাৰ, আৰু নাওমি ওছাকা। ১৯৯৫ চনত ক্যুবেক চহৰত প্ৰথমখন ডব্লিউ টি এ কোৱালিফাইং মেচ খেলা উইলিয়ামছে ১৯৯৭ চনত ১৫ বছৰ বয়সত মস্কোত মেইন ড্ৰ’ত অভিষেক ঘটায় আৰু দ্ৰুতগতিত আগবাঢ়ি যায়। ১৯৯৮ চনৰ শেষৰ ফালে ছেৰেনাই শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰে।১৯৯৯ চনত পেৰিছত প্ৰথমবাৰৰ বাবে ডব্লিউ টি এ খিতাপ আৰু ইউ এছ অ’পেনত প্ৰথম গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰে। ২০০২ চনৰ ৮ জুলাইত ২০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিশ্বৰ ১ নং স্থান দখল কৰিছিল।উইলিয়ামছে একেৰাহে ১৮৬ সপ্তাহকে ধৰি মুঠ ৩১৯ সপ্তাহ ধৰি শীৰ্ষস্থান দখল কৰিছিল। বছৰৰ শেষৰ ফালে পাঁচবাৰকৈ ১ নং স্থান লাভ কৰিছিল।

২০১৭ চনৰ এপ্ৰিল মাহত ৩৫ বছৰ বয়সত শীৰ্ষ ৰেংকিং দখল কৰা আটাইতকৈ বয়সীয়াল মহিলা হিচাপে পৰিগণিত হয়।উইলিয়ামছে ২৩টা ডাবলছ খিতাপ লাভ কৰে, ইয়াৰে ২২টা তেওঁৰ ভগ্নী ভেনাছ উইলিয়ামছৰ সৈতে। ১৪খন গ্ৰেণ্ড শ্লেমৰ ফাইনেলত অপৰাজিত হৈ আছে এই যুটি। উইলিয়ামছে বিশ্বৰ ১ নং ডাবলছ ৰেংকিঙতো অৰ্জন কৰাৰ লগতে একাধিক অলিম্পিক স্বৰ্ণ পদক লাভ কৰে। টেনিছ ইতিহাসৰ একমাত্ৰ টেনিছ খেলুৱৈ যিয়ে একক আৰু ডাবল দুয়োটাতে কেৰিয়াৰ গোল্ডেন শ্লেম সম্পূৰ্ণ কৰিছে। দুয়োটা ইভেণ্টতে গ্ৰেণ্ড শ্লেমৰ চাৰিওটা খিতাপ আৰু অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *