প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  গুৱাহাটীস্থিত  প্ৰথম  আসাম  বেটেলিয়ান এন চি চিৰ   সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ২৩ মে’ৰ  পৰা পহিলা জুনলৈ দহদিনীয়াকৈ নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত  অনুষ্ঠিত হয়।  দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ গুৱাহাটী , নলবাৰী , ৰঙিয়া আৰু তামূলপুৰ আদিৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৫২০ জন  জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে  ভাগ লয়।

দহদিনীয়া শিবিৰত কেডেট সকলক  শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ ,  ৰাইফল চালনা, পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ  উপায় আদিৰ  প্ৰশিক্ষণ দিয়া হৈছিল।  আনহাতে ২৭ মে’ৰ দিনা এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ বিগ্ৰেডিয়াৰ এন চি কুমানে  শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়। তেওঁ এন চি চিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কেডেটসকলক একো একোজন দেশপ্ৰেমিক সুনাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও শিবিৰত  দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেডেটসকলে  নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *