অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে’ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু প্ৰদীপ ভাৰেচ সন্মানীয় অতিথি তথা ওমপ্ৰকাশ খাকোলিয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকে । দেৱভক্ত, পৰ্যটক আৰু সাধাৰণ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্যসন্মত অনাময় সুবিধা প্ৰদানৰ উদ্দেশ্যে এই শৌচাগাৰসমূহ নাৰেংগীস্থিত এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অজয় পোদ্দাৰ আৰু কাঞ্চন পোদ্দাৰৰ উদ্যোগত নিৰ্মাণ আৰু পৃষ্ঠপোষকতা কৰা হৈছে।

বিশেষকৈ অম্বুবাচী মেলা আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ সময়ত আগমন ঘটা হাজাৰ হাজাৰ ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুষ্ঠানত অজয় পোদ্দাৰে মন্দিৰ পৰিচালনা সমিতি আৰু এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনৰ পক্ষৰপৰা মুখ্য অতিথি, সন্মানীয় অতিথি আৰু বিশেষ অতিথিক পৰম্পৰাগত অসমীয়া গামোচাৰে সম্বৰ্ধনা জনায় । উদ্বোধনী অনুষ্ঠানৰ পিছত অতিথি আৰু ভক্তসকলে পবিত্ৰ পঞ্চ গণেশ স্থানত পূজা-অৰ্চনা কৰে। ইয়াৰ উপৰি তেওঁলোকে মন্দিৰৰ তলৰ গুহাত অৱস্থিত পবিত্ৰ শিৱলিংগ দৰ্শন কৰাৰ লগতে মহাভাৰতৰ পাণ্ডৱ যুগৰ সৈতে জড়িত ঐতিহাসিক বিষ্ণু মন্দিৰতো প্ৰাৰ্থনা জনায় ৷

মন্দিৰ পৰিচালনা সমিতিৰ পক্ষৰ পৰা মন্দিৰৰ প্ৰতিষ্ঠাপক পৰিচৰ্যক আৰু দায়িত্ববাহী ব্যক্তি নিমাই চন্দ্ৰ দাসে আদৰণী ভাষণ প্ৰদান কৰে আৰু মন্দিৰৰ গৌৰৱময় ইতিহাস তথা আধ্যাত্মিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।উল্লেখযোগ্য যে, এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনে ইতিপূৰ্বেও লখৰাস্থিত তিৰুপতি বালাজী কমপ্লেক্স আৰু আমিনগাঁওস্থিত হৰে কৃষ্ণ মন্দিৰত সাৰ্বজনীন শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত  পৃষ্ঠপোষকতা আগবঢ়াইছিল । সমাজকল্যাণ, জনস্বাস্থ্য আৰু সামাজিক সেৱাৰ ক্ষেত্ৰত ফাউণ্ডেচনটোৱে নিৰন্তৰভাৱে অৱদান আগবঢ়াই আহিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *