অসমত মহিলা সৱলীকৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। বৰ্তমান ৰাজ্যখনৰ প্ৰায় ৯১.৭ শতাংশ মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছে। মঙলবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
বেংকিং সেৱাৰ এই বিস্তাৰে সৰ্বসাধাৰণ পৰিয়ালসমূহক আৰ্থিকভাৱে শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নাৰী শক্তিৰ সৱলীকৰণৰ প্ৰতি চৰকাৰৰ সংকল্পৰ কথা দোহাৰি তেওঁ কয়, “যেতিয়া এগৰাকী মহিলাই বেংকিং সেৱাৰ সুবিধা লাভ কৰে, তেতিয়া এটা সমগ্ৰ পৰিয়াল আগুৱাই যায়। আজি অসমৰ ৯১.৭% মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ অংশীদাৰ হৈ পৰিছে। এয়া আমাৰ চৰকাৰে নাৰী শক্তিৰ সৱলীকৰণ আৰু উন্নয়নৰ সুফল প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই নিয়াৰ বাবে কৰা প্ৰতিশ্ৰুতিৰে এক স্পষ্ট প্ৰমাণ।”
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই সাফল্য অসমৰ অৰ্থনৈতিক যাত্ৰাৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ গৰিষ্ঠসংখ্যক মহিলাৰ এতিয়া নিজস্ব সঞ্চয়ী বেংক একাউণ্ট আৰু পাছবুক আছে, যাৰ জৰিয়তে চৰকাৰী আঁচনিৰ ধন, সঞ্চয়ৰ সুবিধা আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰাটো পূৰ্বতকৈ বহু সহজ হৈ পৰিছে। আনুষ্ঠানিক অৰ্থনীতিত মহিলাসকলৰ এই পোনপটীয়া অংশগ্ৰহণে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অধিক মজবুত কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
