22
May
কেন্দ্ৰীয় চৰকাৰৰ শক্তি সংৰক্ষণ তথা ইন্ধন ৰাহি কৰাৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আদালতসমূহত ইন্ধনৰ অপচয় ৰোধ আৰু শাৰীৰিক অহা-যোৱা হ্ৰাস কৰাৰ উদ্দেশ্যে এক এমহীয়া বিশেষ নীতি-নিৰ্দেশনা তথা কাৰ্যসূচী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। এই নতুন এছঅ’পি অনুসৰি এতিয়াৰে পৰা প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি কেৱল ভিডিঅ’ কনফাৰেন্সিং অৰ্থাৎ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সম্পন্ন হ’ব। অহা ২৫ মে’ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বিশেষ ব্যৱস্থাটো অহা ২৬ জুন পৰ্যন্ত বাহাল থাকিব আৰু ইয়াৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ পৰ্যালোচনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। এছঅ’পিৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ইয়াৰ অধীনস্থ বহিঃৰাজ্যৰ বিচাৰপীঠসমূহত সোমবাৰ…
