18
Jun
ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে তেওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পর্তুগাল দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ গ্ৰুপ কে-ত ডি আৰ কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰি পৰ্তুগালে সন্তুষ্ট হ’বলগীয়া হয়। হিউষ্টন ষ্টেডিয়ামত খেলা পৰ্তুগালে আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰি ষষ্ঠ মিনিটত জোয়াও নেভেছৰ গ’লৰ সহায়ত অগ্ৰগতি লাভ কৰে। পেড্ৰ’ নেটোৰ সুন্দৰ ক্ৰছৰ পৰা নেভেছে এটা চমৎকাৰ হেডাৰ দি দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। কিন্তু প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত ডি আৰ কংগোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। আফ্ৰিকান দলটোৱে ধাৰাবাহিক আক্ৰমণ চলাই প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত সমতা স্থাপন কৰে। আৰ্থাৰ মাছুৱাকুৰ নিখুঁত ক্ৰছৰ পৰা শক্তিশালী…
