25
May
ৰাজ্যৰ আকাশত হঠাতে দেখা দিয়া প্ৰতিকূল বতৰৰ বাবেই অসমৰ বিভিন্ন প্ৰান্তত বিগত তিনি দিনত বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে কমেও পাঁচজন লোকে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কোকৰাঝাৰ, বৰপেটা, গোলাঘাট, ওদালগুৰি আৰু ডিব্ৰুগড় জিলাৰ সুকীয়া সুকীয়া স্থানত এই শোকাৱহ ঘটনাৰাজি সংঘটিত হয়। মানুহৰ সমান্তৰালভাৱে এই সময়ছোৱাত হোৱা প্ৰচণ্ড বজ্ৰপাতৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত অন্ততঃ ছয়টাকৈ পোহনীয়া পশুধনৰো মৃত্যু ঘটিছে। শেহতীয়া তথ্য অনুসৰি, কেৱল ২৩ মে’ দিনটোতে কোকৰাঝাৰ, বৰপেটা আৰু গোলাঘাট জিলাত এজনকৈ মুঠ তিনিজন লোকৰ কৰুণ মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা ২২ মে’ত ওদালগুৰিত আৰু ২১ মে’ত ডিব্ৰুগড় জিলাত এজনকৈ লোকে বজ্ৰপাতৰ ফলত…
