গৰীয়া – মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বনকৰ্মী চিকন চিকন ডেকাক সম্বৰ্ধনা

সদৌ অসম কেজুৱেল বনকৰ্মী সন্থাৰ সভাপতি তথা বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ মঙলদৈ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত কৰ্মৰত অস্থায়ী বনকৰ্মী হিচাপে নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰি বিভাগলৈ অনবদ্য সেৱা আগবঢ়াই অহা চিকন ডেকাক অলপতে সদৌ অসম গৰীয়া – মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে বিপুল ভাবে সম্বৰ্ধনা জনায়। এই উপলক্ষে দৰং জিলা সমিতিৰ মঙলদৈ সদৰ সমিতি আৰু চপাই আঞ্চলিক সমিতিৰ সহযোগত মঙলদৈস্থিত শ্বহীদ মুজাম্মিল হক ভৱনৰ আজান ফকীৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত অনুষ্ঠানত পৰিষদৰ দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা ডঃ চহিৰ ভূঞা , সভাপতি বাবুল মকছেদ আহমেদ , সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদকে ধৰি কেবাজনো কৰ্মকৰ্তাই চিকন ডেকাক গামোচা, জাপি, শৰাই, মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে।

অনুষ্ঠানত পৰিষদৰ মঙলদৈ সদৰ সমিতি আৰু চপাই আঞ্চলিক সমিতিৰ সভাপতি – সাধাৰণ সম্পাদক প্ৰমুখ্যে কেবাজনো  কৰ্মকৰ্তা আৰু বহু বিশিষ্ট লোক উপস্থিত আছিল। উল্লেখ্য যে সদৌ অসম কেজুৱেল বনকৰ্মী সন্থাৰ সভাপতি হিচাপে চিকন ডেকাই বিগত এটা দশকৰো অধিক কাল ধৰি বন বিভাগত ১৯৯৩ চনৰ পহিলা  এপ্ৰিলৰ পূৰ্বে নিযুক্তি লাভ কৰি  বিভিন্ন বন সংমণ্ডৰ অধীনত বিনা বেতনে কাম কৰি অহা কেজুৱেল বনকৰ্মীসকলক নিৰ্দ্ধাৰিত হাৰত তথা ফিক্সড পে হাৰত দৰমহা প্ৰদান কৰাৰ বাবে বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক দাবী জনাই আহিছে। 

সন্থাৰ আন আন কৰ্মকৰ্তা সকলৰ সহযোগত  তেওঁৰ নেৰানেপেৰা হেঁচাৰ ফলত  ২০২০ চনৰ পৰা বিগত ছয় বছৰত কেবা শতাধিক কেজুৱেল বনকৰ্মী ফিক্সড পেৰ আওতালৈ অহাৰ ফলত নিৰ্দ্ধাৰিত হাৰৰ দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াও যিখিনী কেজুৱেল বনকৰ্মী ফিক্সড পেৰ আওতালৈ অহা নাই আৰু বিভাগীয় কোনো বিষয়াৰ ভুলৰ বাবে ফেৰিফিকেচন হোৱা নাই তেওঁলোকৰ নায্যপ্ৰাপ্তিৰ হকে চিকন ডেকাই নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *