আমেৰিকাত ভাৰতীয় সেনা বিষয়াৰ কৃতিত্ব; দুটাকৈ সন্মান লাভ মেজৰ প্ৰভাত মিশ্ৰৰ

আন্তঃৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই। আমেৰিকাৰ এক সন্মানজনক সামৰিক শিক্ষানুষ্ঠানত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দুটা বিশেষ শৈক্ষিক সন্মান লাভ কৰে মেজৰ প্ৰভাত মিশ্ৰই।

আমেৰিকাৰ কেনছাছ অংগৰাজ্যৰ ফ’ৰ্ট লিভেনৱৰ্থস্থিত ইউ এছ আৰ্মি কমাণ্ড এণ্ড জেনেৰেল ষ্টাফ কলেজত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত মেজৰ প্ৰভাত মিশ্ৰক ‘জেনেৰেল ডাগলাছ মেকআৰ্থাৰ মিলিটাৰী লীডাৰশ্বিপ ৰাইটিং এৱাৰ্ড’ আৰু ‘বিৰাৰ-ব্ৰুকছ এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং মাষ্টাৰ্ছ থেছিছ’ প্ৰদান কৰা হয়।

দহ মাহজোৰা এই উন্নত সামৰিক নেতৃত্ব কাৰ্যসূচীত মুঠ ৯৫১ গৰাকী বিষয়াই অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বিশ্বৰ ৯২ খন দেশৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক বিষয়াও অন্তৰ্ভুক্ত আছিল।

সামৰিক নেতৃত্ব, কৌশলগত চিন্তাধাৰা আৰু গৱেষণামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই কাৰ্যসূচী বিশ্বৰ অন্যতম সন্মানজনক সামৰিক প্ৰশিক্ষণ ব্যৱস্থা হিচাপে পৰিচিত।

মেজৰ মিশ্ৰৰ এই সাফল্যক কেৱল ব্যক্তিগত কৃতিত্ব হিচাপে নহয়, ভাৰতীয় সেনাৰ পেছাদাৰী উৎকৰ্ষ, নেতৃত্বৰ দক্ষতা আৰু বিশ্বমঞ্চত ক্ৰমাৎ শক্তিশালী হৈ অহা উপস্থিতিৰো প্ৰতিফলন হিচাপে গণ্য কৰা হৈছে।

বিশ্বৰ আগশাৰীৰ সামৰিক শিক্ষানুষ্ঠানসমূহত ভাৰতীয় বিষয়াসকলে ধাৰাবাহিকভাৱে কৃতিত্ব প্ৰদৰ্শন কৰি অহাৰ সময়তে মেজৰ প্ৰভাত মিশ্ৰৰ এই সাফল্যই দেশৰ বাবে আন এক গৌৰৱৰ অধ্যায় সংযোজন কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *