26
Jun
ডিজিটেল স্থিতিস্থাপকতা, চাইবাৰ সুৰক্ষা সামৰ্থ্যতা আৰু উত্তৰ-পূব ভাৰতত ভৱিষ্যতৰ কৰ্মশক্তিৰ প্ৰস্তুতি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভীম (Veeam) চফটৱেৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আজি বিয়লি গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত অসমৰ চাৰিখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় ক্ৰমে - জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম ডন বস্কো বিশ্ববিদ্যালয়, অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিসমূহৰ অধীনত ভীম চফটৱেৰ আৰু অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহে গৱেষণা, উদ্ভাৱন, কৰ্মশক্তিৰ বিকাশ আৰু উদ্যোগ-সংহত শিক্ষণৰ সুযোগসমূহ আগুৱাই নিয়াৰ বাবে সহযোগিতা আগবঢ়াব। এই পদক্ষেপে অহা তিনি বছৰত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ২৫ হাজাৰতকৈ অধিক শিক্ষাৰ্থীক…
