অসমৰ চাৰিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান – বিশ্ববিদ্যালয়ৰ সৈতে ভীম চফটৱেৰ ইণ্ডিয়াৰ বুজাবুজিৰ চুক্তি

ডিজিটেল স্থিতিস্থাপকতা, চাইবাৰ সুৰক্ষা সামৰ্থ্যতা আৰু উত্তৰ-পূব ভাৰতত ভৱিষ্যতৰ কৰ্মশক্তিৰ প্ৰস্তুতি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভীম (Veeam) চফটৱেৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আজি বিয়লি গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত অসমৰ চাৰিখন  আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় ক্ৰমে – জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, গুৱাহাটী  বিশ্ববিদ্যালয়, অসম ডন বস্কো বিশ্ববিদ্যালয়, অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ সৈতে  এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই  বুজাবুজি চুক্তিসমূহৰ অধীনত ভীম চফটৱেৰ আৰু অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহে গৱেষণা, উদ্ভাৱন, কৰ্মশক্তিৰ বিকাশ আৰু উদ্যোগ-সংহত শিক্ষণৰ সুযোগসমূহ আগুৱাই নিয়াৰ বাবে সহযোগিতা আগবঢ়াব। 

এই পদক্ষেপে অহা তিনি বছৰত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ২৫ হাজাৰতকৈ অধিক শিক্ষাৰ্থীক উপকৃত কৰিব বুলি আশা কৰা হৈছে । যাৰ ফলত ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত অঞ্চলটোৰ অন্যতম ব্যাপক উদ্যোগ-শৈক্ষিক সহযোগিতা সৃষ্টি হব। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি  ভীম চফটৱেৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু ছাৰ্কৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক সন্দীপ ভাম্বুৰে কয় যে  সমগ্ৰ বিশ্বৰ সংস্থাসমূহে নিজৰ ডিজিটেল ৰূপান্তৰ যাত্ৰা ত্বৰান্বিত কৰিছে যদিও জটিল তথ্য আৰু ডিজিটেল আন্তঃগাঁথনি সুৰক্ষিত কৰিব পৰাকৈ এক উচ্চ দক্ষ কৰ্মশক্তিৰ সৃষ্টি এতিয়াও হোৱা নাই।

অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে আমাৰ সহযোগিতাৰ জৰিয়তে আমি পৰৱৰ্তী প্ৰজন্মৰ পেছাদাৰীসকলক উদ্যোগ-প্ৰাসংগিক জ্ঞান, ব্যৱহাৰিক দক্ষতা আৰু চাইবাৰ সুৰক্ষা, চাইবাৰ স্থিতিস্থাপকতা, ক্লাউড প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বব্যাপী সংহত দক্ষতাৰে সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূব অঞ্চলত প্ৰচণ্ড প্ৰতিভা আৰু সম্ভাৱনা আছে। উদ্যোগৰ বিশেষজ্ঞতাৰ সৈতে শৈক্ষিক উৎকৃষ্টতাক সংযুক্ত কৰি বিশ্ববিদ্যালয়সমূহে শিক্ষণ, উদ্ভাৱন, প্ৰমাণীকৰণ, গৱেষণা আৰু নিয়োগযোগ্যতাৰ বাবে অৰ্থপূৰ্ণ পথ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে। অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিসকলে এই সহযোগিতাক আদৰণি জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *