ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰী কৰ্মচাৰীৰ প্রাপ্য ধন মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ পৰিষদৰ ; স্মাৰক পত্ৰ প্ৰদান

ৰাজ্যৰ ৰাজহুৱা  পৰিবহণ সেৱাৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগম ( এ এছ টি চি) ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ সংগঠন অসম ৰাজ্যিক পৰিবহণ নিগম অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ প্ৰাপ্য ধনৰাশি মোকলাই দিয়াৰ লগতে বাজেটত এই ধন ধাৰ্য কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহ্বান জনাইছে। এই সন্দৰ্ভত পৰিষদৰ উপদেষ্টা তথা ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বিজেন লহকৰ আৰু পৰিষদৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি বৰুৱাৰ নেতৃত্বত এটা সজাতি দলে ১৫ জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰত অসম সচিবাল়য়ত এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে পৰিষদে।

স্মাৰক পত্ৰখনত পৰিষদে জাতীয় প্রতিষ্ঠান এ এছ টি চিত কৰ্মচাৰীসকলে জীৱনৰ  ৩০ ৰ পৰা ৪০ বছৰ কাল নিষ্ঠাৰে কর্মসেৱা আগবঢ়োৱাৰ পিছত অৱসৰ গ্ৰহণ কৰাৰ পাছতো অৱসৰকালীন প্রাপ্যধন ৰাশি ২০১৬ চনৰ পৰা বৰ্তমানলৈ আদায় নোপোৱা,  কৰ্মচাৰীসকলে নিজৰ লগতে পৰিয়ালৰ চিকিৎসা বিষয়, শিক্ষা-দিক্ষা, বিয়া-বাৰুকে ধৰি কোনো কামকে কৰিব নোৱাৰি চূড়ান্ত হতাশাত ভোগা ,  নিগম কর্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় সহযোগ তিলমাত্রাও লাভ নকৰা ,  কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা , বহুজনে বিনা চিকিৎসাৰে মৃত্যুমুখত পৰিব লগা হোৱা ,  সন্তানৰ শিক্ষাৰ সামৰণি পৰা ,  বহুজনে পৰিয়ালবৰ্গৰ পৰা অৱহেলিত হৈ পৰা আৰু সা-সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা আদি বিষয় উল্লেখ কৰিছে।

যাৰ বাবে অৱসৰপ্ৰাপ্ত  কৰ্মচাৰীসকলৰ ২০১৬ বৰ্ষৰ পৰা সমুদায় ধন  একেলগে মোকলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ পৰিষদে মুখ্যমন্ত্ৰীক আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই স্মাৰক পত্ৰত সন্নিবিষ্ট বিষয়সমূহত মনোযোগেৰে শুনি এইক্ষেত্ৰত পৰিষদৰ দাবীসমুহ সহানুভূতিৰে বিবেচনা কৰা হব বুলি আশ্বাস প্ৰদান কৰে। সজাতি দলটোত পৰিষদৰ কৰ্মকৰ্তা ক্ৰমে – প্ৰাঞ্জল চমুৱা, কৈলাশ তালুকদাৰ আৰু অশোক ৰায় উপস্থিত আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *