গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীত আজি তেঁওলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।। উল্লেখ্য যে গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতা, শক্তিশালী নেতৃত্ব , ব্যক্তিত্বৰ বাবে অসমখন পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল । আনহাতে বিমানবন্দৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া মুকেশ নানকানীয়ে । কাৰ্যসূচীত গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰ লিমিটেডৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বহু জোৱান উপস্থিত আছিল।
জন্ম জয়ন্তীৰ বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আৰু ভাৰত ৰত্ন বিজয়ীগৰাকীৰ মহান ঐতিহ্যক উদযাপন কৰিবলৈ টাৰ্মিনেলৰ কৰ্মচাৰীসকলে যাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ কৰে। উল্লেখ্য যে ১৯৯৮ চনত অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কেন্দ্ৰত থকা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি যুগমীয়া কৰি দেশৰ উঠি অহা প্ৰজন্মক তেওঁৰ বিষয়ে জানিবলৈ লোকপ্ৰিয়ক মৰণোত্তৰ ভাৱে হলেও ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিবলৈ আৰু উত্তৰ পূবৰ সৰ্ববৃহৎ গুৱাহাটী বিমানবন্দৰটোক তেওঁৰ প্ৰথম নামত নামাকৰণ কৰিবলৈ দাবী জনাইছিল।
অগপ চৰকাৰৰ দাবী অনুসৰি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ লগতে গুৱাহাটী বিমানবন্দৰটোক তেওঁৰ নামত উৎসৰ্গা কৰি দেশবাসীক এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছিল। আনহাতে বৰ্তমান বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ সম্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত চাৰিমাহ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। নতুন টাৰ্মিনেল ভৱনটো মুকলি কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বৃহৎ প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল।
