অপেক্ষাৰ অন্ত পৰিল

অপেক্ষাৰ অন্ত পৰিল ৷ হিমন্ত চৰকাৰৰ নতুন মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হ’ল ৷ নতুনকৈ শপত লোৱা ১২গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল ৷

সেই অনুসৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখিছে গৃহ আৰু ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ বিভাগ (পথ), শক্তি বিভাগ, তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰীৰ দায়িত্ব । লগতে বিতৰণ নকৰা অন্যান্য দপ্তৰসমূহো মুখ্যমন্ত্ৰীৰ হাততে থাকিব বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিপৰীতে আন মন্ত্ৰীসকলক দিয়া বিভাগসমূহ হৈছে –

১। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ দপ্তৰ প্ৰদান
২। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ দপ্তৰ প্ৰদান।
৩। বিমল বড়াক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী পৰিক্ৰমাৰ দপ্তৰ প্ৰদান।
৪। বিশ্বজিৎ দৈমাৰীক হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ দপ্তৰ প্ৰদান।
৫। জয়ন্ত মল্লবৰুৱাক বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদৰ দপ্তৰ প্ৰদান।
৬। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায়ৰ দপ্তৰ প্ৰদান।
৭। কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসনৰ দপ্তৰ প্ৰদান।
৮। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়নৰ দপ্তৰ প্ৰদান।
৯। নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎসা, মীন পালন বিভাগৰ দপ্তৰ প্ৰদান।
১০। পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান।
১১।ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (ভৈয়াম), তথ্য প্ৰযুক্তিৰ দপ্তৰ প্ৰদান।
১২।সুশান্ত বৰগোহাঁইক জল সম্পদ, ন্যায় বিভাগৰ দায়িত্ব প্ৰদান।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *