আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ আৰম্ভ হৈছে । এই প্ৰক্ৰিয়াৰ প্ৰথম দিনাই ৪ সাক্ষীৰ লোৱা হ’ব ভাষ্য ।
ইতিমধ্যে অধিবক্তা ৰাতুল বৰাৰ সাক্ষ্য গ্ৰহণ কৰিছে ফাষ্টট্ৰেক আদালতে । সমান্তৰালকৈ ৮ জুন ২০২৬ সোমবাৰে ফাষ্টট্রেক আদালতে অভিযুক্ত সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনক লৈ মন্তব্য কৰিব । ইতিপূৰ্বে সম্পন্ন হৈছে জামিন আবেদনৰ শুনানি । আদালতে সংৰক্ষিত ৰাখিছিল ৰায়দান । একে সময়তে আদালতত উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।
