বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিগত বৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ উদযাপনৰ বাবে বিজয় শোভাযাত্ৰা নলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে ইয়াত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে।

লোকভৱনত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটকৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ শপতগ্ৰহণৰ কথাও মনত ৰাখি আৰ চি বিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা বছৰৰ ৪ জুনত আয়োজন কৰা বিজয় শোভাযাত্ৰাৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত ১১ জন অনুৰাগী নিহত হৈছিল।

আৰচিবিৰ এক সূত্ৰই জনোৱা মতে, বেংগালুৰুত কোনো ধৰণৰ উদযাপনৰ সম্ভাৱনা অতি কম। কিছুমান নিৰ্দিষ্ট নিৰ্দেশনা আছে আৰু আমি সেইবোৰ মানি চলিব লাগিব। ইফালে, বেংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত সীমান্ত কুমাৰ সিঙে কয়-আমি কোনো ধৰণৰ ৰাজহুৱা উদযাপনৰ অনুমতি নিদিওঁ। কোনোবাই যদি উদযাপন কৰিব বিচাৰে তেন্তে ঘৰৰ ভিতৰতে উদযাপন কৰিব পাৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *