Paromita

903 Posts
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ কাইলৈ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ কাইলৈ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অৰ্থাৎ ৪ জুনত অনুষ্ঠিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। আদালতৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পঞ্জীয়নভুক্ত এই আবেদনখন ইতিমধ্যে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হৈছে। জুবিন গাৰ্গৰ এই প্রাক্তন মেনেজাৰজনে ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰিছিল যদিও অভিযোগৰ গুৰুত্ব আৰু তদন্তৰ অগ্ৰগতিৰ দোহাই দি আদালতে সেই আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উল্লেখ্য যে, সমগ্ৰ অসমজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা এই হাই-প্ৰফাইল গোচৰটোৰ অন্যতম মূল অভিযুক্ত হৈছে এই সিদ্ধাৰ্থ শৰ্মা। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই একেটা গোচৰৰে আন এজন…
Read More
জামুগুৰিত ভাওনাক কেন্দ্ৰ কৰি কন্দল; চোকা অস্ত্ৰৰ আক্ৰমণত আহত একেটা পৰিয়ালৰে ৪ সদস্য

জামুগুৰিত ভাওনাক কেন্দ্ৰ কৰি কন্দল; চোকা অস্ত্ৰৰ আক্ৰমণত আহত একেটা পৰিয়ালৰে ৪ সদস্য

স্থানীয় নামঘৰৰ ভাওনা প্ৰদৰ্শনক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা এটা বিবাদে ল’লে এক ভয়ংকৰ ৰূপ। আৱেগ আৰু ভক্তিৰ পৰিৱেশৰ মাজতে সৃষ্টি হোৱা এই কন্দলৰ পৰিণতিত এটা পৰিয়ালৰ চাৰিগৰাকীকৈ সদস্য চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হ’বলগীয়া হয়। গোলাঘাট জিলাৰ জামুগুৰিৰ অন্তৰ্গত নাগুৰা গাঁৱত বুধবাৰে পুৱতি নিশা এই চাঞ্চল্যৰ ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, নামঘৰৰ ভাওনাক লৈ স্থানীয় বিতুল দত্ত আৰু বিজন কৃষ্ণ দত্তৰ সৈতে ঋতুপৰ্ণ হাজৰিকা নামৰ এজন ব্যক্তিৰ তীব্ৰ তৰ্কবিতৰ্কৰ সৃষ্টি হৈছিল। এই বাকবিতণ্ডাই পৰৱৰ্তী সময়ত এক হিংসাত্মক ৰূপ ধাৰণ কৰে। অভিযুক্ত ঋতুপৰ্ণ হাজৰিকাই হঠাতে এক চোকা অস্ত্ৰৰে পৰিয়ালটোৰ ওপৰত জপিয়াই পৰে আৰু তেওঁলোকক নিৰ্মমভাৱে আক্ৰমণ কৰে। এই আকস্মিক আৰু বৰ্বৰ…
Read More
মাতৃহাৰা হ’ল অখিল গগৈ! দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ

মাতৃহাৰা হ’ল অখিল গগৈ! দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ

মাতৃহাৰা হ'ল বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পুৱা প্ৰায় ৬:২০ বজাত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কেইবাটোও ৰোগত আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে। প্ৰিয়দা গগৈৰ এই বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অসমৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে শুভাকাংক্ষীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। দল-মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই এই মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, গুৱাহাটীৰ পৰা তেওঁৰ নশ্বৰ দেহ যোৰহাট জিলাৰ মৰিয়নীৰ সমীপৱৰ্তী চেলেনঘাটৰ…
Read More
দিল্লীৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জনৰ

দিল্লীৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জনৰ

ৰেষ্টুৰেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল কমেও ১০ জনকৈ লোকে। দিল্লীৰ মালব্য নগৰৰ ‘লেমন গ্ৰীণ ৰেষ্টুৰেণ্ট’ত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, ৰেষ্টুৰেণ্টখনৰ পাকঘৰত থকা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই জুইৰ সূত্ৰপাত ঘটে। ৰাতিপুৱা প্ৰায় ৯ বজাত সংঘটিত এই আকস্মিক বিস্ফোৰণৰ পিছতে সমগ্ৰ অট্টালিকাটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে। এই জুই লগাৰ খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। জুই নিয়ন্ত্ৰণৰ বাবে ততালিকে ১০ খনকৈ অগ্নিনিৰ্বাপক গাড়ী নিয়োজিত কৰা হয়। দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ এজন বিষয়াই জনোৱা অনুসৰি, প্ৰাৰম্ভিক পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুখন ৱাটাৰ টেণ্ডাৰ, দুখন ৱাটাৰ বাউজছাৰ আৰু…
Read More
কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক হেলিকপ্টাৰখনৰ সন্মুখতে প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ সেনাৰ পাইলটৰ

কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক হেলিকপ্টাৰখনৰ সন্মুখতে প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ সেনাৰ পাইলটৰ

সামৰিক প্ৰশিক্ষণ সমাপ্তিৰ দীক্ষান্ত সমাৰোহৰ মাজতে এক আৱেগিক তথা অভূতপূৰ্ব মুহূৰ্তৰ সৃষ্টি কৰিলে এগৰাকী নৱনিযুক্ত সেনা বৈমানিকে। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত কম্বাট আৰ্মী এভিয়েচন ট্ৰেনিং স্কুলৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছতেই প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিয়ে ভাৰত ভৰদ্বাজ নামৰ যুৱ বিষয়াগৰাকীয়ে। সেনাৰ কঠোৰ অনুশাসন আৰু এভিয়েচন প্ৰদৰ্শনীৰ মাজতে একাংশ সতীৰ্থ আৰু পৰিয়ালৰ সম্মুখত এখন হেলিকপ্টাৰৰ আগত আঠু কাঢ়ি তেওঁ প্ৰেমিকা আৰুষীক আঙুঠি পিন্ধায়। প্ৰাপ্ত খবৰ অনুসৰি, কঠোৰ প্ৰশিক্ষণসূচীৰ সামৰণি পৰাৰ পাছত সকলো নৱনিযুক্ত পাইলটে যেতিয়া সফলতা উদযাপন কৰি আছিল, ঠিক তেনে সময়তে ভাৰতে তেওঁৰ প্ৰেয়সী আৰুষীক সমাৰোহস্থলীত থকা এখন হেলিকপ্টাৰৰ ওচৰলৈ আগুৱাই লৈ যায়। তাত উপস্থিত থকা পৰিয়ালৰ লোক, বন্ধু-বৰ্গ আৰু সতীৰ্থ…
Read More
প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতিৰ পদত তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ; দলীয় অন্তৰ্কলহ প্ৰতিপন্ন হোৱাৰ চৰ্চা

প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতিৰ পদত তাঞ্জিল হুছেইনৰ নিযুক্তিত স্থগিতাদেশ; দলীয় অন্তৰ্কলহ প্ৰতিপন্ন হোৱাৰ চৰ্চা

নিযুক্তিৰ মাত্ৰ এদিন পাছতেই স্থগিতাদেশ জাৰি কৰা হয় চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক তাঞ্জিল হুছেইনৰ নতুন পদবীত। দেওবাৰে তেওঁক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। এই খবৰে ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে ২৪ ঘণ্টা নৌহওঁতেই তেওঁৰ সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰে কেন্দ্ৰীয় নেতৃত্বই। এই ঘটনাই প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ তীব্ৰ অন্তৰ্কলহৰ কথাটো যেন পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে। ৰাজনৈতিক মহলত চলি থকা চৰ্চা অনুসৰি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ শিবিৰৰ তীব্ৰ আপত্তিৰ বাবেই কংগ্ৰেছ হাই কমাণ্ডে এই কঠোৰ সিদ্ধান্ত লয়। প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা নৱনিযুক্ত বিধায়ক জুবেইৰ আলমৰ যোগেদি তাঞ্জিল হুছেইনক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছিল। কিন্তু এই নিযুক্তিক…
Read More
নলবাৰীৰ হত্যাকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰদেশ কংগ্ৰেছৰ; নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

নলবাৰীৰ হত্যাকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰদেশ কংগ্ৰেছৰ; নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ড আৰু মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই দুৰ্ভাগ্যজনক কাণ্ডক তীব্ৰ গৰিহণা জনোৱাৰ লগতে নাৰী সুৰক্ষাৰ স্বাৰ্থত সমাজক অধিক সজাগ হ’বলৈ আহ্বান জনায় তেওঁ। এক বিবৃতিযোগে সভাপতি গগৈয়ে এই শোকাৱহ ঘটনাক লৈ গভীৰ মৰ্মাহত হোৱাৰ কথা প্ৰকাশ কৰে। ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ আশু আৰোগ্য আৰু স্বাভাৱিক জীৱনলৈ প্ৰত্যাৱৰ্তনৰ বাবেও তেওঁ প্ৰাৰ্থনা জনায়। আক্ৰমণৰ ঘটনাত প্ৰাণ হেৰুওৱা মাধুৰ্য বৰ্মনৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি গৌৰৱ গগৈয়ে বিদেহী আত্মাৰ সদগতি কামনা কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ…
Read More
মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ। এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল। নলবাৰীৰ গংগাপুৰৰ নৃশংস হত্যাকাণ্ডৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। ঘটনাৰ বলি হোৱা প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত উপস্থিত হৈ তেওঁ মৃতকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। ইয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ সমান্তৰালভাৱে চিকিৎসাধীন যুৱতীগৰাকীলৈ তেওঁ এক বিশেষ বঁটাও ঘোষণা কৰে। প্ৰয়াত মাধুৰ্য আৰু তেওঁৰ ভগ্নীৰ সাহসক ৰামায়ণৰ আখ্যানৰ সৈতে তুলনা কৰি সংবাদ মাধ্যমৰ আগত বৰাই কয়, "তেওঁৰ ভনীয়েকগৰাকী হৈছে ৰামায়ণৰ সীতা স্বৰূপ। আমাৰ অসমীয়া হিন্দু ছোৱালী-বোৱাৰীয়ে যদি নিবিচাৰে তেন্তে তেওঁলোকৰ গাত হাত দিবলৈ কোনো মানুহৰ কলিজাত ইমান সাহস…
Read More
বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ

বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ

পশ্চিম বংগত শেহতীয়া নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক ঘটনা আৰু দলীয় নেতা-কৰ্মীৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে কলকাতাৰ ৰাজপথত এক ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ পিছৰে পৰা ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ লোকসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ দিনজোৰা প্ৰতিবাদ সাব্যস্ত কৰে। কলকাতা আৰক্ষীয়ে ৰাণী ৰাসমণি ৰোডত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি প্ৰদান নকৰাৰ পিছত বেনাৰ্জীয়ে এক্সপ্লেনেডৰ ৱাই-চেনেলত উপস্থিত হৈ এই ধৰ্না আৰম্ভ কৰে। প্ৰশাসনে বাধা প্ৰদান কৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সমবেত ৰাইজক উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কয়, "আমাক ইয়াত কোনো মঞ্চ তৈয়াৰ কৰিবলৈ বা মাইক্ৰ’ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি…
Read More
হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বাসগৃহত মঙলবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ শোকসন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়। আছু পৰিয়ালৰ এই অপূৰণীয় ক্ষতিৰ প্ৰসংগ উত্থাপন কৰি ড০ ভট্টাচাৰ্যই কয়, "আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে। এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল। আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য। মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা। এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে। আৰক্ষীয়ে…
Read More