জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ কাইলৈ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অৰ্থাৎ ৪ জুনত অনুষ্ঠিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। আদালতৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পঞ্জীয়নভুক্ত এই আবেদনখন ইতিমধ্যে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হৈছে। জুবিন গাৰ্গৰ এই প্রাক্তন মেনেজাৰজনে ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰিছিল যদিও অভিযোগৰ গুৰুত্ব আৰু তদন্তৰ অগ্ৰগতিৰ দোহাই দি আদালতে সেই আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

উল্লেখ্য যে, সমগ্ৰ অসমজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা এই হাই-প্ৰফাইল গোচৰটোৰ অন্যতম মূল অভিযুক্ত হৈছে এই সিদ্ধাৰ্থ শৰ্মা। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই একেটা গোচৰৰে আন এজন অন্যতম অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আবেদনো খাৰিজ কৰিছে।

নিম্ন আদালতৰ পিছত উচ্চ ন্যায়ালয়তো মহন্তৰ জামিন নাকচ হোৱাৰ পিছতে এই সমগ্ৰ আইনী প্ৰক্ৰিয়া এতিয়া দ্ৰুতগতিত বিচাৰৰ পৰ্যায়লৈ অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে।

যোৱা ২৯ মে’ত সংবাদ মাধ্যমৰ আগত তেওঁ জনাইছিল যে অহা ৮ জুনত এই গোচৰৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে আৰু সেইদিনা সাক্ষীসকলক আদালতলৈ তলব কৰাৰ সম্ভাৱনা আছে।

একে সময়তে, জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ বাদ্যযন্ত্ৰ আৰু অন্যান্য সামগ্ৰী নিজৰ লাভৰ বাবে অবৈধভাৱে ব্যৱহাৰ কৰাৰ অভিযোগত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনো ফাষ্ট ট্ৰেক আদালতে খাৰিজ কৰিছে। জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে অনুৰাগীসকলে সমগ্ৰ আইনী প্ৰক্ৰিয়াটোক তীক্ষ্ণ নজৰ ৰাখিছে আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *