দিল্লীৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জনৰ

ৰেষ্টুৰেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল কমেও ১০ জনকৈ লোকে। দিল্লীৰ মালব্য নগৰৰ ‘লেমন গ্ৰীণ ৰেষ্টুৰেণ্ট’ত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

প্ৰাপ্ত খবৰ অনুসৰি, ৰেষ্টুৰেণ্টখনৰ পাকঘৰত থকা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই জুইৰ সূত্ৰপাত ঘটে। ৰাতিপুৱা প্ৰায় ৯ বজাত সংঘটিত এই আকস্মিক বিস্ফোৰণৰ পিছতে সমগ্ৰ অট্টালিকাটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে।

এই জুই লগাৰ খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। জুই নিয়ন্ত্ৰণৰ বাবে ততালিকে ১০ খনকৈ অগ্নিনিৰ্বাপক গাড়ী নিয়োজিত কৰা হয়। দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ এজন বিষয়াই জনোৱা অনুসৰি, প্ৰাৰম্ভিক পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুখন ৱাটাৰ টেণ্ডাৰ, দুখন ৱাটাৰ বাউজছাৰ আৰু এখন কুইক ৰেছপন্স ভেহিকলসহ কেইবাটাও ইউনিট উদ্ধাৰ কাৰ্যত প্ৰেৰণ কৰা হয়।

ইফালে, উদ্ধাৰকাৰী দলে ৰেষ্টুৰেণ্টখনৰ ভূগৰ্ভস্থ কক্ষ অৰ্থাৎ বেচমেণ্টৰ পৰা তিনিজন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধোঁৱাই আৱৰি ধৰা কোঠাটোৰ পৰা উলিয়াই আনি তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *