সামৰিক প্ৰশিক্ষণ সমাপ্তিৰ দীক্ষান্ত সমাৰোহৰ মাজতে এক আৱেগিক তথা অভূতপূৰ্ব মুহূৰ্তৰ সৃষ্টি কৰিলে এগৰাকী নৱনিযুক্ত সেনা বৈমানিকে। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত কম্বাট আৰ্মী এভিয়েচন ট্ৰেনিং স্কুলৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছতেই প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিয়ে ভাৰত ভৰদ্বাজ নামৰ যুৱ বিষয়াগৰাকীয়ে। সেনাৰ কঠোৰ অনুশাসন আৰু এভিয়েচন প্ৰদৰ্শনীৰ মাজতে একাংশ সতীৰ্থ আৰু পৰিয়ালৰ সম্মুখত এখন হেলিকপ্টাৰৰ আগত আঠু কাঢ়ি তেওঁ প্ৰেমিকা আৰুষীক আঙুঠি পিন্ধায়।
প্ৰাপ্ত খবৰ অনুসৰি, কঠোৰ প্ৰশিক্ষণসূচীৰ সামৰণি পৰাৰ পাছত সকলো নৱনিযুক্ত পাইলটে যেতিয়া সফলতা উদযাপন কৰি আছিল, ঠিক তেনে সময়তে ভাৰতে তেওঁৰ প্ৰেয়সী আৰুষীক সমাৰোহস্থলীত থকা এখন হেলিকপ্টাৰৰ ওচৰলৈ আগুৱাই লৈ যায়। তাত উপস্থিত থকা পৰিয়ালৰ লোক, বন্ধু-বৰ্গ আৰু সতীৰ্থ বিষয়াসকলক আচৰিত কৰি তেওঁ হঠাতে আঠু কাঢ়ি বহে আৰু আৰুষীৰ হাতত বিবাহৰ প্ৰস্তাৱসহ আঙুঠিটো তুলি দিয়ে।
বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক স্বৰূপ হেলিকপ্টাৰখনৰ সন্মুখতে জীৱনৰ আন এক ডাঙৰ ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ কৰে সেনা বৈমানিকগৰাকীয়ে। এই অপ্ৰত্যাশিত আৰু আৱেগিক মুহূৰ্তটো প্ৰত্যক্ষ কৰি তাত উপস্থিত থকা সকলোৱে জোৰেৰে হাতচাপৰি বজাই দম্পতীহালক শুভেচ্ছা জ্ঞাপন কৰে। আৰুষীয়েও ততালিকে এই প্ৰস্তাৱত সন্মতি জনোৱাৰ লগে লগে সমগ্ৰ সমাৰোহথলী আনন্দ আৰু উলাহেৰে ভৰি পৰে। বৰ্তমান এই বিশেষ মুহূৰ্তৰ আলোকচিত্ৰ আৰু ভিডিঅ’ ছচিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ অহাৰ পিছতে এতিয়া সকলোৰে মাজত চৰ্চা লাভ কৰিছে।
