Paromita

903 Posts
১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

সকলো জল্পনা-কল্পনা আৰু প্রতীক্ষাৰ অন্ত পেলাই ১২ গৰাকী বিধায়কৰ অসম মন্ত্রীসভাৰ সদস্য হিচাপে শপতগ্রহণ। আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই এই ১২জন মন্ত্রীক শপতবাক্য পাঠ কৰাই । শপতগ্রহণ অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰীকা, ডা: ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে।
Read More
বিটিআৰত ভূমি পট্টা বিতৰণ আৰু গৰু বজাৰ পুনৰুজ্জীৱিতকৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত বিটিচিৰ

বিটিআৰত ভূমি পট্টা বিতৰণ আৰু গৰু বজাৰ পুনৰুজ্জীৱিতকৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত বিটিচিৰ

বিটিআৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু ভূমিহীন লোকৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ নীতিত অনুমোদন জনাইছে বড়োলেণ্ড প্ৰাদেশিক পৰিষদ চমুকৈ বিটিচিৰ কাৰ্যবাহী পৰিষদে। কোকৰাঝাৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ বৈঠকৰ অন্তত বৃহস্পতিবাৰে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে এই নতুন সিদ্ধান্তৰ কথা। সমগ্ৰ বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰৰ সৰ্বাংগীণ বিকাশৰ স্বাৰ্থতে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথমটো সিদ্ধান্ত অনুসৰি, অঞ্চলটোৰ পৰম্পৰাগত গৰু বজাৰসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ এক বৃহৎ পৰিকল্পনা হাতত লোৱা হৈছে। এই নতুন পদক্ষেপে পশুধনৰ ব্যৱসায়িক নেটৱৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব। কৃষক, পশুপালক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক এক…
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত নহ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত নহ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়াত এক নতুন মোৰে লৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য আছিল যদিও ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ নকৰিলে। আদালতৰ পঞ্জীয়কে এই গোচৰটো এতিয়া আন এজন ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ পিছতহে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। বিশেষ ফাষ্টট্ৰেক আদালতে পূৰ্বে জামিন নাকচ কৰাৰ পিছতে জুবিন গাৰ্গৰ এই প্ৰাক্তন মেনেজাৰগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আনহাতে, একেটা দিনতে এই গোচৰৰ সৈতে জড়িত ‘মহাবীৰ একুৱা’ কোম্পানীৰ সন্দৰ্ভতো আদালতে কোনো শুনানি গ্ৰহণ নকৰিলে। বিশেষ ফাষ্টট্ৰেক আদালতে উক্ত প্ৰতিষ্ঠানটো জব্দ কৰাৰ নিৰ্দেশ দিয়াৰ…
Read More
নীট পৰীক্ষাৰ খেলিমেলিৰ বাবে মানসিক অৱসাদ; মধ্যপ্ৰদেশত ১৮ বছৰীয়া পৰীক্ষাৰ্থীৰ আত্মহত্যা

নীট পৰীক্ষাৰ খেলিমেলিৰ বাবে মানসিক অৱসাদ; মধ্যপ্ৰদেশত ১৮ বছৰীয়া পৰীক্ষাৰ্থীৰ আত্মহত্যা

চিকিৎসা বিজ্ঞানৰ সপোন বুকুত বান্ধি আগবাঢ়ি যোৱা এগৰাকী ছাত্ৰীৰ যাত্ৰা শেষ হ’ল চৰম দুখবোধেৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল আৰু খেলিমেলিৰ বাতৰিয়ে সৃষ্টি কৰা মানসিক অৱসাদ সহ্য কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে ১৮ বছৰীয়া এগৰাকী ছাত্ৰীয়ে। মধ্যপ্ৰদেশৰ মাউগঞ্জ জিলাৰ মগনীয়া গাঁৱৰ আকাংক্ষা চতুৰ্বেদী নামৰ এই ছাত্ৰীগৰাকীৰ আত্মহননৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাগপুৰৰ এটা কোচিং প্ৰতিষ্ঠানত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আকাংক্ষাক যোৱা ২০ মে’ত নিজ কক্ষতে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। শেহতীয়াকৈ পৰিয়ালৰ লোকে উদ্ধাৰ কৰা ছাত্ৰীগৰাকীৰ এখন হস্তলিখিত পত্ৰই এতিয়া পোহৰলৈ আনিছে তেওঁৰ অন্তিম সময়ৰ মানসিক…
Read More
অসম কেবিনেটৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ; কাইলৈ নতুন মন্ত্ৰীসভাই ল’ব শপত

অসম কেবিনেটৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ; কাইলৈ নতুন মন্ত্ৰীসভাই ল’ব শপত

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অৱসান ঘটাই কাইলৈ অৰ্থাৎ ৫ জুনত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ বহু প্ৰত্যাশিত কেবিনেট সম্প্ৰসাৰণ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰী পৰিষদত এইবাৰ প্ৰায় ১৩ গৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। মহানগৰীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত দুপৰীয়া ১২:৪৫ বজাত এই নতুন মন্ত্ৰীসকলৰ আনুষ্ঠানিক শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নতুন মন্ত্ৰীসভাৰ আনুষ্ঠানিক তালিকাখন এতিয়ালৈকে ৰাজহুৱা কৰা নাই যদিও কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কৰ নাম চৰ্চালৈ আহিছে। সম্ভাব্য তালিকাত ডাঃ ৰণোজ পেগু, অশোক সিংহল, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰাৰ নাম প্ৰমুখ্যে উলেখ কৰা হৈছে। ইয়াৰ উপৰিও কেশৱ মহন্ত, অশ্বিনী ৰয় সৰকাৰ, বলীন চেতিয়া, তুলিৰাম ৰংহাঙৰ…
Read More
মণিপুৰত মাদকদ্ৰব্য বিৰোধী অভিযানৰ সময়ত ভয়ংকৰ আক্ৰমণ; কৰ্তব্যৰত আৰক্ষী কমাণ্ডো নিহত

মণিপুৰত মাদকদ্ৰব্য বিৰোধী অভিযানৰ সময়ত ভয়ংকৰ আক্ৰমণ; কৰ্তব্যৰত আৰক্ষী কমাণ্ডো নিহত

ৰাজ্যখনত অব্যাহত থকা মাদকদ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়তে মণিপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। থৌবাল জিলাত কৰ্তব্য পালন কৰি থকা অৱস্থাতে এজন আৰক্ষী কমাণ্ডো দুষ্কৃতিকাৰীৰ আক্ৰমণত নিহত হয়। বৃহস্পতিবাৰে জিলাখনৰ থৌবাল আৰক্ষী থানাৰ অন্তৰ্গত মইজিং মীনা বজাৰ থংখং অঞ্চলত এই ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, গোপন সূত্ৰৰ পম খেদি থৌবাল কমাণ্ডো বাহিনীৰ এটা দলে অঞ্চলটোত মাদকদ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল। এই অভিযানকাৰী দলটোত অন্তৰ্ভুক্ত আছিল হেড কনষ্টেবল খৈৰম সুৰেশ। আৰক্ষীৰ দলটোৱে এজন সন্দেহযুক্ত সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে পৰিস্থিতি হঠাতে হিংসাত্মক হৈ পৰে। অভিযানৰ মাজতে দুষ্কৃতিকাৰীয়ে চোকা কটাৰীৰে সুৰেশৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। গুৰুতৰভাৱে…
Read More
অভেদ্য হৈ পৰিল ‘সুদৰ্শন চক্ৰ’! ৰাছিয়াৰ পৰা চতুৰ্থটো এছ-৪০০ স্কোয়াড্ৰন লাভ ভাৰতৰ

অভেদ্য হৈ পৰিল ‘সুদৰ্শন চক্ৰ’! ৰাছিয়াৰ পৰা চতুৰ্থটো এছ-৪০০ স্কোয়াড্ৰন লাভ ভাৰতৰ

শত্ৰুপক্ষৰ যিকোনো আকাশমাৰ্গৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিছে অত্যাধুনিক এছ-৪০০ প্ৰতিৰক্ষা প্ৰণালীৰ চতুৰ্থটো স্কোয়াড্ৰন। দেশীয় প্ৰেক্ষাপটত ‘সুদৰ্শন চক্ৰ’ নামেৰে পৰিচিত এই শক্তিশালী ব্যৱস্থাটো ইতিমধ্যে সাগৰীয় পথেৰে আহি ভাৰতত উপস্থিত হৈছে আৰু অতি শীঘ্ৰে ইয়াক এক গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চলত মোতায়েন কৰা হ’ব। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে এই সামৰিক সঁজুলিটো ভাৰতত উপস্থিত হোৱাত কিছু পলম হৈছিল। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যুদ্ধৰ বাবে সৃষ্টি হোৱা যোগানৰ ব্যাঘাত এতিয়া সম্পূৰ্ণৰূপে দূৰ হৈছে আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই কাম-কাজ চলিছে। উল্লেখ্য যে, দেশৰ পশ্চিম আৰু উত্তৰ সীমান্তৰ…
Read More
মুজাফ্ফৰপুৰৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪ জনৰ কৰুণ মৃত্যু

মুজাফ্ফৰপুৰৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪ জনৰ কৰুণ মৃত্যু

দিল্লীৰ মালব্য নগৰৰ অগ্নিকাণ্ডৰ ভয়াৱহতা মাৰ নৌযাওঁতেই এইবাৰ বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত সংঘটিত হৈছে আন এক অনুৰূপ কৰুণ ঘটনা। জিলাখনৰ এখন হাস্পতালত বুধবাৰে পুৱতি নিশা জুই লাগি ৪ গৰাকী ৰোগীৰ কৰুণ মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ৩ বজাত হাস্পতালখনৰ আই চি ইউ কক্ষত এই জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ ফলত সৃষ্টি হোৱা ক’লা ধোঁৱাই সমগ্ৰ অট্টালিকাটো আৱৰি ধৰাত হাস্পতালখনৰ ভিতৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰাৰম্ভিক তদন্তত অক্সিজেন ইউনিট আৰু মনিটৰ প্ৰণালীত হোৱা চৰ্ট চাৰ্কিটৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনতকৈও অধিক গাড়ীয়ে কেইবা ঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। উদ্ধাৰকাৰী…
Read More
বিশ্ব চাইকেল দিৱস পালন

বিশ্ব চাইকেল দিৱস পালন

বিশ্বজুৰি আজি পালন কৰা হৈছে বিশ্ব চাইকেল দিৱস। ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া এই বিশেষ দিৱসৰ মূল উদ্দেশ্য হৈছে চাইকেলক এক পৰিৱেশ-অনুকূল, সুলভ আৰু স্বাস্থ্যসন্মত যাতায়াতৰ মাধ্যম হিচাপে প্ৰচাৰ কৰা। ইয়াৰ জৰিয়তে জনস্বাস্থ্য উন্নত কৰাৰ লগতে যানজঁট আৰু কাৰ্বন নিঃসৰণ হ্ৰাস কৰাৰ বাৰ্তাও প্ৰচাৰ কৰা হয়। বিশ্ব চাইকেল দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত “Cycling for a Greener Future” অৰ্থাৎ “সেউজ ভৱিষ্যতৰ বাবে চাইক্লিং” শীৰ্ষক বিষয়বস্তুৰে এক চাইকেল ৰেলী উলিওৱা হয়। বিশ্ববিদ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এই ৰেলীত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, NSS স্বেচ্ছাসেৱক, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু গুৱাহাটীৰ বহু চাইক্লিং অনুৰাগীয়ে অংশগ্ৰহণ কৰে।
Read More
আহমেদাবাদত ১৬৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক; দেশৰ পৰা বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ

আহমেদাবাদত ১৬৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক; দেশৰ পৰা বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ

ভাৰত-বাংলাদেশৰ সীমান্তৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। ইয়াৰ মাজতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আৰক্ষীৰ জালত পৰিল কমেও ১৬৬ জন অবৈধ অনুপ্ৰৱেশকাৰী। কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ বসবাস কৰি থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে বুধবাৰে এই লোকসকলক কৰায়ত্ত কৰে। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্ত মৰ্মে ‘অপাৰেচন ডেল্টা হাণ্ট’ নামৰ এই বিশেষ অভিযান চলোৱা হয়। সমগ্ৰ গুজৰাটত বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ, এছ অ’ জি স্কোয়াড আৰু স্থানীয় বিভিন্ন থানাৰ কৰ্মীৰে গঠিত ৩০ টাতকৈও অধিক দলে এই অভিযান চলায়। আহমেদাবাদ জিলাৰ নাৰোদা, দানিলিমদা, ভাতভা আৰু জুহাপুৰাৰ…
Read More