মণিপুৰত মাদকদ্ৰব্য বিৰোধী অভিযানৰ সময়ত ভয়ংকৰ আক্ৰমণ; কৰ্তব্যৰত আৰক্ষী কমাণ্ডো নিহত

ৰাজ্যখনত অব্যাহত থকা মাদকদ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়তে মণিপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। থৌবাল জিলাত কৰ্তব্য পালন কৰি থকা অৱস্থাতে এজন আৰক্ষী কমাণ্ডো দুষ্কৃতিকাৰীৰ আক্ৰমণত নিহত হয়। বৃহস্পতিবাৰে জিলাখনৰ থৌবাল আৰক্ষী থানাৰ অন্তৰ্গত মইজিং মীনা বজাৰ থংখং অঞ্চলত এই ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, গোপন সূত্ৰৰ পম খেদি থৌবাল কমাণ্ডো বাহিনীৰ এটা দলে অঞ্চলটোত মাদকদ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল। এই অভিযানকাৰী দলটোত অন্তৰ্ভুক্ত আছিল হেড কনষ্টেবল খৈৰম সুৰেশ। আৰক্ষীৰ দলটোৱে এজন সন্দেহযুক্ত সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে পৰিস্থিতি হঠাতে হিংসাত্মক হৈ পৰে।

অভিযানৰ মাজতে দুষ্কৃতিকাৰীয়ে চোকা কটাৰীৰে সুৰেশৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানগৰাকীক সতীৰ্থসকলে ততাতৈয়াকৈ থৌবাল জিলা হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই কৰুণ ঘটনাই সমগ্ৰ আৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজৰ মাজতো তীব্ৰ শোকৰ ছাঁ পেলাইছে।

ইতিমধ্যে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তদ্বয়ক মইজিং লেইংগইজিনৰ মহম্মদ নাওবী ওৰফে মাহিল (২৫) আৰু মইজিং মাইবাম লৈকাইৰ ছলমান খান (৩০) বুলি চিনাক্ত কৰা হৈছে। এই আক্ৰমণৰ সৈতে আন কোনো লোক জড়িত আছে নেকি তাৰ সন্ধানত আৰক্ষীয়ে বৰ্তমান তীব্ৰ তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *