মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ। এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল। নলবাৰীৰ গংগাপুৰৰ নৃশংস হত্যাকাণ্ডৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। ঘটনাৰ বলি হোৱা প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত উপস্থিত হৈ তেওঁ মৃতকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। ইয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ সমান্তৰালভাৱে চিকিৎসাধীন যুৱতীগৰাকীলৈ তেওঁ এক বিশেষ বঁটাও ঘোষণা কৰে।

প্ৰয়াত মাধুৰ্য আৰু তেওঁৰ ভগ্নীৰ সাহসক ৰামায়ণৰ আখ্যানৰ সৈতে তুলনা কৰি সংবাদ মাধ্যমৰ আগত বৰাই কয়, “তেওঁৰ ভনীয়েকগৰাকী হৈছে ৰামায়ণৰ সীতা স্বৰূপ। আমাৰ অসমীয়া হিন্দু ছোৱালী-বোৱাৰীয়ে যদি নিবিচাৰে তেন্তে তেওঁলোকৰ গাত হাত দিবলৈ কোনো মানুহৰ কলিজাত ইমান সাহস নাই। যুৱতীগৰাকীৰ সাহস মানিবলগীয়া আৰু তেওঁ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। পুডুচেৰীত হ’ব লগা আগন্তুক হিন্দু সন্মিলনত তেওঁক হিন্দু চেতনা বঁটা প্ৰদান কৰা হ’ব।”

হত্যাকাণ্ডৰ আঁৰৰ মানসিকতাক তীক্ষ্ণ সমালোচনা কৰি তেওঁ লগতে কয়, “এয়া এদিন বা দুদিনৰ কথা নহয়, আপুনি বা মই মানুহ মাৰিব নোৱাৰো, আমাৰ মানসিকতাই সেয়া নকয়, কাৰণ আমাক তেনেদৰে লালন-পালন কৰা হোৱা নাই। কিন্তু যিসকলক সৰুৰে পৰা হত্যা-হিংসাৰ মাজেৰে লালন-পালন কৰিছে, যিসকলক মাদ্ৰাছাত তাৰেই প্ৰশিক্ষণ দিয়া হয়, যাৰ ধৰ্মপুথিতেই সেই কথা লিখা আছে তেওঁলোকে পাৰে।” হত্যাকাণ্ডৰ পিছত অভিযুক্তই চৰাঞ্চলত আশ্ৰয় লোৱা আৰু মাৰণাস্ত্ৰ লাভ কৰা প্ৰসংগ টানি আনি চৰ অঞ্চলসমূহত অবৈধ মাৰণাস্ত্ৰৰ কাৰখানা থকাৰো গুৰুতৰ সন্দেহ প্ৰকাশ কৰে নেতাজনে।

ইফালে, সত্যৰঞ্জন বৰাৰ সমান্তৰালভাৱে প্ৰয়াত আছু নেতাগৰাকীৰ বাসগৃহত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ো উপস্থিত হয়। সমগ্ৰ অসমক হতচকিত কৰা এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বিধায়ক ৰয়ে কয়, “এই ঘটনাই কেৱল নলবাৰীকে নহয়, সমগ্ৰ অসম জোকাৰি গৈছে। সকলোকে হতচকিত কৰিছে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয়, তাৰ ব্যৱস্থা কৰিব লাগে।” ইয়াৰ লগতে তেওঁ সকলো লোককে হত্যা-হিংসাৰ পথ পৰিহাৰ কৰি মিলিজুলি বসবাস কৰিবলৈকো আহ্বান জনায়।

উল্লেখ্য যে, যোৱা দেওবাৰে সন্ধিয়া নলবাৰীৰ গংগাপুৰত ৰ’জ আলী নামৰ এক দুৰ্বৃত্তৰ আক্ৰমণত কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল মাধুৰ্য বৰ্মনে। তেওঁৰ ভগ্নী বৰ্তমানো চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে। ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰত নিহত হয় মূল অভিযুক্ত ৰ’জ আলী।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *