Paromita

898 Posts
ভুৱা ব্ৰিগেডিয়াৰৰূপে চলাই আছিল প্ৰৱঞ্চনা; ফান্দ পাতি ২১ বছৰীয়া যুৱকক আটক সেনাৰ

ভুৱা ব্ৰিগেডিয়াৰৰূপে চলাই আছিল প্ৰৱঞ্চনা; ফান্দ পাতি ২১ বছৰীয়া যুৱকক আটক সেনাৰ

উচ্চপদস্থ সেনা বিষয়া বুলি পৰিচয় দি কেইবাটাও সপ্তাহ ধৰি চলাই আহিছিল ভয়ংকৰ প্ৰৱঞ্চনা। অৱশেষত সেনা ছাউনীত অভিযান চলাই প্ৰৱঞ্চক যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সেনা। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত নিজকে ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰ বুলি পৰিচয় দি ঘূৰি ফুৰা অভিযুক্ত যুৱকজনৰ নাম ২১ বৰ্ষীয় আৰ্যন বাৰ্মা বুলি চিনাক্ত কৰা হৈছে। সেনা সূত্ৰৰ তথ্য অনুসৰি, শাহজাহানপুৰৰ বাসিন্দা আৰ্যনে পূৰ্ণ সামৰিক পোছাক পৰিধান কৰি নিজকে কৰ্মৰত ব্ৰিগেডিয়াৰ বুলি পৰিচয় দিছিল। কেৱল সেয়াই নহয়, ব্ৰিগেডিয়াৰৰ এক-তৰা চিহ্ন আৰু সেনা মুখ্য কাৰ্যালয়ৰ পতাকাযুক্ত এখন ব্যক্তিগত বাহন ব্যৱহাৰ কৰি তেওঁ নগৰখনত চলাচল কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। ঘটনাটোৱে পোহৰলৈ আহে দুজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ সন্দেহৰ পিছত।…
Read More
যোৰহাটত বায়ুসেনাৰ এএন-৩২ দুৰ্ঘটনাগ্ৰস্ত; পাইলটৰ মৃত্যুৰ আশংকা, আহত সহ-পাইলট

যোৰহাটত বায়ুসেনাৰ এএন-৩২ দুৰ্ঘটনাগ্ৰস্ত; পাইলটৰ মৃত্যুৰ আশংকা, আহত সহ-পাইলট

অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ এখন এএন-৩২ পৰিবহণ বিমান। যোৰহাটৰ ৰৌৰিয়াস্থিত বিমানঘাটিত শনিবাৰে সংঘটিত এই ঘটনাত এজন পাইলটৰ মৃত্যুৰ আশংকা প্ৰকাশ পোৱাৰ লগতে সহ-পাইলটজন আঘাতপ্ৰাপ্ত হয়। প্ৰাথমিক তথ্য অনুসৰি, ৰৌৰিয়া বিমানঘাটিত অৱতৰণৰ প্ৰচেষ্টা চলাই থকা সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয় বিমানখন। ঘটনাটোত পাইলটজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। আনহাতে, আঘাতপ্ৰাপ্ত সহ-পাইলটজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোৰ কাৰণ কি সেয়া এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ঘটনাৰ পিছতে উদ্ধাৰকাৰী আৰু জৰুৰীকালীন সেৱাৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অনুসন্ধানমূলক কাম আৰম্ভ কৰে। ভাৰতীয় বায়ুসেনা আৰু অসামৰিক প্ৰশাসনৰ ফালৰ পৰা ঘটনাটোৰ অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।…
Read More
অৰুণাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা! বাহনসহ দ খাৱৈত বাগৰি মৃত্যু অসমৰ ৫ যুৱকৰ

অৰুণাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা! বাহনসহ দ খাৱৈত বাগৰি মৃত্যু অসমৰ ৫ যুৱকৰ

অৰুণাচল প্ৰদেশত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই অকাল মৃত্যু নমাই আনে অসমৰ পাঁচ গৰাকী যুৱকলৈ। ৰাজ্যখনৰ চেপা মহকুমাৰ অন্তৰ্গত টাটাতাৰা গাঁওৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৩ত শনিবাৰে পুৱাই পথৰ পৰা বাগৰি দ খাৱৈত পৰে এখন পিকআপ বাহন। দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে বাহনখনত থকা পাঁচজন যুৱকৰ। নিহতসকলক লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চলৰ বুলবুল আলী, নুৰ হুচেইন, ছাইদুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে। একেলগে জীৱন-জীৱিকাৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা যুৱককেইজনৰ মৃত্যুৰ খবৰে নাওবৈচা অঞ্চলত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, পাগাছো জুৰিৰ সমীপত পাহাৰীয়া পথৰে গৈ থকা অৱস্থাত পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়। তাৰ পাছতে পথৰ দাঁতি ভাঙি…
Read More
মেগীত পোক-পতংগ লাভৰ অভিযোগ; নেছলে ইণ্ডিয়ালৈ জাননী FSSAIৰ

মেগীত পোক-পতংগ লাভৰ অভিযোগ; নেছলে ইণ্ডিয়ালৈ জাননী FSSAIৰ

দেশৰ অন্যতম জনপ্ৰিয় ইনষ্টেণ্ট নুডলছ ব্ৰেণ্ড মেগীক কেন্দ্ৰ কৰি পুনৰ উত্থাপিত হৈছে খাদ্য সুৰক্ষাজনিত বিতৰ্ক। মেগীৰ এটা পেকেটত পোক-পতংগ বা লাৰ্ভা পোৱাৰ অভিযোগৰ ভিত্তিত এইবাৰ নেছলে ইণ্ডিয়ালৈ জাননী জাৰি কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান নিৰ্ধাৰণ প্ৰাধিকৰণে (FSSAI)। জানিব পৰা মতে, মেগীৰ এটা পেকেটত পোক-পতংগ সদৃশ বস্তু উদ্ধাৰ হোৱা বুলি কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল। সেই অভিযোগৰ ভিত্তিত বিষয়টোৰ ব্যাখ্যা বিচাৰি নেছলে ইণ্ডিয়ালৈ আনুষ্ঠানিক জাননী প্ৰেৰণ কৰে FSSAIয়ে। ইফালে, অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে নেছলে ইণ্ডিয়াই। কোম্পানীটোৱে এক বিবৃতিত কয় যে অভিযোগটোৰ সন্দৰ্ভত উপলব্ধ তথ্য আৰু প্ৰমাণে সত্যতা স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোক নিশ্চিত। লক্ষ্যণীয়ভাৱে এই অভিযোগৰ প্ৰভাৱ পৰিছে শ্বেয়াৰ…
Read More
ভাৰতীয় সামৰিক একাডেমীত ইতিহাস; প্ৰথমবাৰৰ বাবে কমিছন লাভ মহিলা কেডেটৰ

ভাৰতীয় সামৰিক একাডেমীত ইতিহাস; প্ৰথমবাৰৰ বাবে কমিছন লাভ মহিলা কেডেটৰ

ভাৰতীয় সেনাত মহিলাৰ অংশগ্ৰহণ আৰু নেতৃত্বৰ ক্ষেত্ৰত সূচনা হ’ল এক নতুন অধ্যায়ৰ। ডেৰাডুনস্থিত ভাৰতীয় সামৰিক একাডেমীৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা কেডেটৰ এটা দলে কমিছন লাভ কৰাৰ ঘটনাই দেশৰ সামৰিক ইতিহাসত এক বিশেষ মাইলৰ খুঁটি স্থাপন কৰিছে। শুকুৰবাৰে অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত উপস্থিত থাকি এই ঐতিহাসিক ঘটনাক "এক যুগান্তকাৰী মুহূৰ্ত" বুলি অভিহিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তেওঁ কয়, ভাৰতীয় সামৰিক একাডেমীত মহিলা কেডেটৰ অন্তৰ্ভুক্তি কেৱল এটা প্ৰশাসনিক পৰিৱৰ্তন নহয়, বৰঞ্চ সশস্ত্ৰ বাহিনীত সম সুযোগ আৰু অন্তৰ্ভুক্তিমূলক নেতৃত্বৰ এক শক্তিশালী প্ৰতীক। উল্লেখ্য যে, এইবাৰেই প্ৰথমবাৰৰ বাবে একাডেমীখনৰ পৰা মহিলা বিষয়া কেডেটৰ এটা দলে আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাত যোগদান কৰে। ইয়াৰ জৰিয়তে সেনাবাহিনীত…
Read More
ড্ৰাগছ সৰবৰাহত নামিল সুন্দৰী মডেল! বিমানবন্দৰত ১২ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সুন্দৰী হৰ্ষা

ড্ৰাগছ সৰবৰাহত নামিল সুন্দৰী মডেল! বিমানবন্দৰত ১২ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সুন্দৰী হৰ্ষা

বিদেশৰ পৰা ভাৰতত উপস্থিত হোৱা এগৰাকী মডেলৰ সন্দেহজনক গতিবিধিৰ বাবে তালাচী চলোৱাৰ সময়তে জব্দ হ’ল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কেৰালাৰ এগৰাকী মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰাক্তন প্ৰতিযোগীক। গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী হৈছে ২৮ বছৰীয়া হৰ্ষা ছানী। ২০২৫ চনত অনুষ্ঠিত হোৱা 'মিছেছ কেৰালা' সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁ। থাইলেণ্ডৰ বেংককৰ পৰা ১০-১১ জুনৰ নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল হৰ্ষা। জানিব পৰা মতে, বিমানবন্দৰত শুল্ক বিভাগৰ এয়াৰ ইণ্টেলিজেন্স ইউনিটে সন্দেহৰ ভিত্তিত তেওঁক আটক কৰি বেগ-পত্ৰ পৰীক্ষা কৰে। সেই সময়ত তেওঁৰ ট্ৰলী বেগৰ পৰা উদ্ধাৰ হয় ১২টা…
Read More
সামৰিক আইন বিতৰ্কৰ পিছত পুনৰ দোষী সাব্যস্ত; ড্ৰোন অভিযান গোচৰত ৩০ বছৰৰ কাৰাদণ্ড দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক

সামৰিক আইন বিতৰ্কৰ পিছত পুনৰ দোষী সাব্যস্ত; ড্ৰোন অভিযান গোচৰত ৩০ বছৰৰ কাৰাদণ্ড দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক

সামৰিক আইন জাৰিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আইনী জটিলতাত সোমাই পৰিছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন ছুক য়োল। উত্তৰ কোৰিয়াক কেন্দ্ৰ কৰি চলোৱা এক বিতৰ্কিত ড্ৰোন অভিযানৰ গোচৰত এইবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ৩০ বছৰৰ কাৰাদণ্ডে দণ্ডিত কৰে দেশখনৰ এখন আদালতে। শুকুৰবাৰে ছিউল কেন্দ্ৰীয় জিলা আদালতে এই ৰায় ঘোষণা কৰে। আদালতৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গোচৰটোৰ শুনানি সম্পন্ন হোৱাৰ পাছত য়ুনক ৩০ বছৰৰ কাৰাদণ্ড বিহা হয়। অভিযোগ অনুসৰি, ২০২৪ চনত জাৰি কৰা সামৰিক আইনক ন্যায্যতা প্ৰদানৰ উদ্দেশ্যে উত্তৰ কোৰিয়াৰ ভূখণ্ডলৈ ড্ৰোন প্ৰেৰণৰ আঁৰত পৰিকল্পিত উদ্দেশ্য আছিল। বিশেষ অভিযোজকসকলে আদালতত দাবী কৰে যে যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি…
Read More
ফিফা বিশ্বকাপৰ আয়োজক টিমত স্থান; চিকাগোত বিশ্বমঞ্চৰ দায়িত্বত অসম কন্যা পিজা ভৰালী

ফিফা বিশ্বকাপৰ আয়োজক টিমত স্থান; চিকাগোত বিশ্বমঞ্চৰ দায়িত্বত অসম কন্যা পিজা ভৰালী

বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মহাৰণ ফিফা বিশ্বকাপক লৈ সমগ্ৰ বিশ্বত আৰম্ভ হৈছে ব্যাপক উছাহ। এই বিশ্বজনীন ক্ৰীড়া উৎসৱৰ মাজতে অসমলৈ আহিছে এক গৌৰৱোজ্জ্বল খবৰ। ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ আয়োজক টিমত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ফিফা বিশ্বকাপ ২০২৬ত ফেন অপাৰেচনছ এণ্ড গেষ্ট এক্সপিৰিয়েন্স টিমৰ সদস্য হিচাপে দায়িত্ব লাভ কৰিছে পিজাই। আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্বকাপৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে পোনপটীয়াকৈ জড়িত থাকিব তেওঁ। এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে পিজা ভৰালী। সামাজিক মাধ্যমত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ সৈতে জড়িত হোৱাৰ সুযোগ তেওঁৰ জীৱনৰ এক ডাঙৰ সপোন পূৰণৰ সমান। পিজাৰ এই সাফল্যই পৰিয়ালৰ…
Read More
কুকুৰ চুৰি কৰি আন্তঃৰাজ্য সৰবৰাহৰ অভিযোগ; নগাঁৱত আৰক্ষীৰ জালত চাৰিজন

কুকুৰ চুৰি কৰি আন্তঃৰাজ্য সৰবৰাহৰ অভিযোগ; নগাঁৱত আৰক্ষীৰ জালত চাৰিজন

ৰাজ্যত অব্যাহত আছে কুকুৰ চুৰি আৰু সৰবৰাহৰ ঘটনা। বিভিন্ন অঞ্চলৰ পৰা পোহনীয়া কুকুৰ চুৰি কৰি ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰি আহিছে একাংশ দুস্কৃতিকাৰীয়ে। এনে ঘটনাৰ মাজতে এইবাৰ নগাঁৱত আৰক্ষীৰ জালত পৰে চাৰিজনকৈ অভিযুক্ত সৰবৰাহকাৰী। বুধবাৰে নিশা চলোৱা এক বিশেষ অভিযানত নগাঁও জিলাৰ পুৰণিগুদামৰ গৰমৌ এলেকাৰ পৰা লোককেইজনক আটক কৰে চামগুৰি আৰক্ষীয়ে। ধৃত অভিযুক্ত কেইজনক গণিৰাম ৰংহাং, ডৰছিং তেৰাং, চাৰহান টকবি আৰু বাবি ৰংহাং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চামগুৰি, পুৰণিগুদাম আৰু আশে-পাশে থকা বিভিন্ন এলেকাৰ পৰা কুকুৰ চুৰি কৰি আহিছিল অভিযুক্তসকলে। ইয়াৰ পিছত সেই কুকুৰসমূহ অন্য ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাই আছিল বুলিও অভিযোগ উত্থাপন হৈছে। অভিযানকালত কুকুৰ সৰবৰাহৰ…
Read More
আয়ৰ উৎসতকৈ অধিক সম্পত্তিৰ গোচৰ; জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য–নন্দেশ্বৰ বৰাৰ জামিন আবেদন আজি শুনানি

আয়ৰ উৎসতকৈ অধিক সম্পত্তিৰ গোচৰ; জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য–নন্দেশ্বৰ বৰাৰ জামিন আবেদন আজি শুনানি

আয়ৰ উৎসতকৈ অধিক সম্পত্তি থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰাক্তন দুই দেহৰক্ষীৰ জামিন আবেদনক লৈ আজি পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। আজি বিশেষ আদালতত শুনানি অনুষ্ঠিত হ’ব পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ। মুখ্যমন্ত্ৰীৰ সতৰ্কতা কোষে ৰুজু কৰা আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত নাম সাঙোৰ খোৱা বৈশ্য আৰু বৰাই জামিন বিচাৰি বিশেষ আদালতৰ কাষ চাপিছিল। বিশেষ ন্যায়াধীশৰ আদালতত আবেদন দুখনৰ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে জামিনৰ বাবে বিশেষ ফাষ্টট্ৰেক আদালতত আবেদন কৰিছিল দুয়োগৰাকী অভিযুক্তই। অৱশ্যে আদালতে সেই আবেদন খাৰিজ কৰে। তাৰ পিছতে পুনৰ বিশেষ আদালতত নতুনকৈ জামিন আবেদন দাখিল কৰে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ…
Read More