ভাৰতীয় সেনাত মহিলাৰ অংশগ্ৰহণ আৰু নেতৃত্বৰ ক্ষেত্ৰত সূচনা হ’ল এক নতুন অধ্যায়ৰ। ডেৰাডুনস্থিত ভাৰতীয় সামৰিক একাডেমীৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা কেডেটৰ এটা দলে কমিছন লাভ কৰাৰ ঘটনাই দেশৰ সামৰিক ইতিহাসত এক বিশেষ মাইলৰ খুঁটি স্থাপন কৰিছে।
শুকুৰবাৰে অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত উপস্থিত থাকি এই ঐতিহাসিক ঘটনাক “এক যুগান্তকাৰী মুহূৰ্ত” বুলি অভিহিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তেওঁ কয়, ভাৰতীয় সামৰিক একাডেমীত মহিলা কেডেটৰ অন্তৰ্ভুক্তি কেৱল এটা প্ৰশাসনিক পৰিৱৰ্তন নহয়, বৰঞ্চ সশস্ত্ৰ বাহিনীত সম সুযোগ আৰু অন্তৰ্ভুক্তিমূলক নেতৃত্বৰ এক শক্তিশালী প্ৰতীক।
উল্লেখ্য যে, এইবাৰেই প্ৰথমবাৰৰ বাবে একাডেমীখনৰ পৰা মহিলা বিষয়া কেডেটৰ এটা দলে আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাত যোগদান কৰে। ইয়াৰ জৰিয়তে সেনাবাহিনীত মহিলাসকলৰ বাবে নেতৃত্ব আৰু পেছাদাৰী বিকাশৰ নতুন দুৱাৰ মুকলি হৈছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সুৰক্ষা আৰু সেৱাৰ ক্ষেত্ৰত মহিলা বিষয়াসকলৰ অৱদানৰ প্ৰশংসা কৰে। লগতে আগন্তুক সময়ত অধিকসংখ্যক মহিলাই সামৰিক ক্ষেত্ৰত আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে।
দীৰ্ঘদিন ধৰি পুৰুষ-প্ৰধান বুলি বিবেচিত সামৰিক ক্ষেত্ৰখনত এই পদক্ষেপক লৈ বিভিন্ন মহলে সন্তোষ প্ৰকাশ কৰিছে। পৰ্যবেক্ষকসকলৰ মতে, ভাৰতীয় সেনাত লিংগসমতাৰ দিশত ই এক তাৎপৰ্যপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হ’ব।
