অৰুণাচল প্ৰদেশত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই অকাল মৃত্যু নমাই আনে অসমৰ পাঁচ গৰাকী যুৱকলৈ। ৰাজ্যখনৰ চেপা মহকুমাৰ অন্তৰ্গত টাটাতাৰা গাঁওৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৩ত শনিবাৰে পুৱাই পথৰ পৰা বাগৰি দ খাৱৈত পৰে এখন পিকআপ বাহন। দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে বাহনখনত থকা পাঁচজন যুৱকৰ।
নিহতসকলক লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চলৰ বুলবুল আলী, নুৰ হুচেইন, ছাইদুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে। একেলগে জীৱন-জীৱিকাৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা যুৱককেইজনৰ মৃত্যুৰ খবৰে নাওবৈচা অঞ্চলত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, পাগাছো জুৰিৰ সমীপত পাহাৰীয়া পথৰে গৈ থকা অৱস্থাত পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়। তাৰ পাছতে পথৰ দাঁতি ভাঙি বাহনখন বহু তলৰ খাৱৈলৈ বাগৰি পৰে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় লোক আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান চলাই বাহনখনত থকা লোকসকলক উলিয়াই অনা হয় যদিও পাঁচজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
ঘটনাটোৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ লগতে দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰি তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।
