যোৰহাটত বায়ুসেনাৰ এএন-৩২ দুৰ্ঘটনাগ্ৰস্ত; পাইলটৰ মৃত্যুৰ আশংকা, আহত সহ-পাইলট

অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ এখন এএন-৩২ পৰিবহণ বিমান। যোৰহাটৰ ৰৌৰিয়াস্থিত বিমানঘাটিত শনিবাৰে সংঘটিত এই ঘটনাত এজন পাইলটৰ মৃত্যুৰ আশংকা প্ৰকাশ পোৱাৰ লগতে সহ-পাইলটজন আঘাতপ্ৰাপ্ত হয়।

প্ৰাথমিক তথ্য অনুসৰি, ৰৌৰিয়া বিমানঘাটিত অৱতৰণৰ প্ৰচেষ্টা চলাই থকা সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয় বিমানখন। ঘটনাটোত পাইলটজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। আনহাতে, আঘাতপ্ৰাপ্ত সহ-পাইলটজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ কাৰণ কি সেয়া এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ঘটনাৰ পিছতে উদ্ধাৰকাৰী আৰু জৰুৰীকালীন সেৱাৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অনুসন্ধানমূলক কাম আৰম্ভ কৰে। ভাৰতীয় বায়ুসেনা আৰু অসামৰিক প্ৰশাসনৰ ফালৰ পৰা ঘটনাটোৰ অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।

উল্লেখ্য যে, এএন-৩২ হৈছে ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰি অহা দুটা ইঞ্জিনযুক্ত পৰিবহণ বিমান। ৰেচন পৰিবহণ, সেনা আৰু সামগ্ৰী পৰিবহণৰ লগতে বিভিন্ন অভিযানমূলক দায়িত্বত এই বিমানসমূহ দীৰ্ঘদিন ধৰি নিয়োজিত হৈ আহিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *