ইউএছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভ

​জাৰ্মানীৰ তাৰকা টেনিছ খেলুৱৈ তথা প্ৰতিযোগিতাখনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত আলেকজেণ্ডাৰ জেভেৰেভে ইউএছ অ’পেন ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। তেওঁ ইটালীৰ লুচিয়ানো ডাৰ্ডেৰীক পোনপটীয়া ছেটত ৬-২, ৬-২, ৭-৬(৩) ব্যৱধানত পৰাজিত কৰে। ইউএছ অ’পেনৰ ইতিহাসত জেভেৰেভৰ এইটো পঞ্চমটো কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ।

ইয়াৰ পূৰ্বে তেওঁ ২০২০, ২০২১, ২০২৩ আৰু ২০২৪ চনতো কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ যোগ্যতা অর্জন কৰিছিল। ইয়াৰ উপৰিও, ২০২৬ চনৰ আটাইকেইখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে খেলখনত প্ৰথম দুটা ছেটত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰাৰ পিছত, তৃতীয় ছেটত ডাৰ্ডেৰীৰ তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল যদিও জেভেৰেভে টাইব্ৰেকত ধৈৰ্য্য আৰু সংযম বজাই ৰাখি ৭-৩ ব্যৱধানত ছেটটো আৰু মেচখন নিজৰ নামত কৰে।ছেমিফাইনেলৰ স্থানৰ বাবে আলেকজেণ্ডাৰ জেভেৰেভে পৰৱৰ্তী মেচত নেদাৰলেণ্ডৰ ব’টিক ভান ডে জাণ্ডশ্বুল্পৰ মুখামুখি হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *