15
Jun
সফলতাৰ কাহিনী কেতিয়াবা এনে হয়, যি কেৱল ফলাফলৰ মাজতে সীমাবদ্ধ নাথাকে। প্ৰতিকূল পৰিস্থিতিক নেওচি ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা চান্দনী বিশ্বকৰ্মাৰ সাফল্যক এইবাৰ বিশেষভাৱে স্বীকৃতি জনালে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে। সোমবাৰে ভূপালৰ ভীম নগৰ বস্তি অঞ্চলত থকা চান্দনীৰ বাসগৃহলৈ ইলেক্ট্ৰিক স্কুটী চলাই উপস্থিত হয় মুখ্যমন্ত্ৰী মোহন যাদৱ। বিজেপিৰ বিধায়ক ভগৱান দাস সবনানীক লগত লৈ সংকীৰ্ণ গলিপথ অতিক্ৰম কৰি ছাত্ৰীগৰাকীৰ ঘৰলৈ যায় তেওঁ। উল্লেখ্য যে, চলিত বৰ্ষৰ মধ্য প্ৰদেশ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে ১৮ বছৰীয়া চান্দনী বিশ্বকৰ্মাই। তেওঁৰ এই অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জনায় মোহন যাদৱে।…
