অইলৰ ঠিকা প্ৰতিষ্ঠানৰ বিষয়াক অপহৰণ-ধন দাবীৰ অভিযোগ; একাধিক সংগঠনৰ ৪ নেতাক গ্ৰেপ্তাৰ

অইলৰ ঠিকা প্ৰতিষ্ঠানৰ বিষয়াক অপহৰণ কৰি প্ৰহাৰ চলোৱাৰ লগতে ধন দাবী কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ডুলীয়াজানত। এই ঘটনাৰ তদন্তত নামি বিভিন্ন সংগঠনৰ ৪ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত আন কেইবাজনো লোকৰ সন্ধানত অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

প্ৰাথমিক তথ্য অনুসৰি, অইলৰ ঠিকাদাৰ প্ৰতিষ্ঠান উদীপ্ত এনৰ্জি এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেডৰ বিষয়া উত্তম জ্যোতি বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ডুলীয়াজান আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়। অভিযোগ অনুসৰি, যোৱা ১০ মে’ৰ নিশা একাংশ লোকে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পিছতে বিষয়াগৰাকীক জোৰকৈ এখন বাহনত উঠাই লৈ যোৱাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰি ধন দাবী কৰে।

ঘটনাটোক কেন্দ্ৰ কৰি ডুলীয়াজান আৰক্ষী থানাত ৭৫/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। তদন্তৰ ভিত্তিত বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰিণ্টু দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ বসন্তপন্থী গোটৰ ডুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি কংকণ ৰাজকোঁৱৰ, ডুলীয়াজানৰ ইন্দ্ৰপুৰীৰ মানস প্ৰতীম গোহাঁই আৰু নিউ কলনীৰ বিনোদ সোণোৱালক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পূৰ্বে একে ঘটনাৰ সৈতে জড়িত আন এটা গোচৰত ৰঞ্জিত বৰা আৰু প্ৰহ্লাদ গগৈকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বৰ্তমান দুয়োজনেই ন্যায়িক জিম্মাত আছে।

ইফালে, ঘটনাৰ সৈতে জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ডুলীয়াজানস্থিত অইলৰ এটা আবাসিক কোৱাৰ্টাৰত অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই অভিযুক্তজন পলায়ন কৰে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) অতুল কুমাৰে কয় যে, ডুলীয়াজান আৰক্ষী থানাত ৰুজু হোৱা দুটা গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনাও আছে।

ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্তসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে অপহৰণ আৰু ধন দাবীৰ অভিযোগৰ সৈতে আন কোনো ব্যক্তি বা গোট জড়িত আছে নেকি, সেই বিষয়েও তদন্ত চলাই আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *