সামৰিক আইন জাৰিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আইনী জটিলতাত সোমাই পৰিছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন ছুক য়োল। উত্তৰ কোৰিয়াক কেন্দ্ৰ কৰি চলোৱা এক বিতৰ্কিত ড্ৰোন অভিযানৰ গোচৰত এইবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ৩০ বছৰৰ কাৰাদণ্ডে দণ্ডিত কৰে দেশখনৰ এখন আদালতে।
শুকুৰবাৰে ছিউল কেন্দ্ৰীয় জিলা আদালতে এই ৰায় ঘোষণা কৰে। আদালতৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গোচৰটোৰ শুনানি সম্পন্ন হোৱাৰ পাছত য়ুনক ৩০ বছৰৰ কাৰাদণ্ড বিহা হয়।
অভিযোগ অনুসৰি, ২০২৪ চনত জাৰি কৰা সামৰিক আইনক ন্যায্যতা প্ৰদানৰ উদ্দেশ্যে উত্তৰ কোৰিয়াৰ ভূখণ্ডলৈ ড্ৰোন প্ৰেৰণৰ আঁৰত পৰিকল্পিত উদ্দেশ্য আছিল। বিশেষ অভিযোজকসকলে আদালতত দাবী কৰে যে যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি কৰি সামৰিক আইন জাৰিৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা চলোৱা হৈছিল।
তদুপৰি, এই অভিযানৰ ফলত উত্তৰ কোৰিয়াৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ লগতে কিছুমান ড্ৰোন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত গোপন তথ্যও ফাদিল হয় বুলি অভিযোগ উত্থাপন হৈছিল।
অৱশ্যে অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে য়ুনৰ আইনজীৱীসকলে। তেওঁলোকৰ দাবী, উত্তৰ কোৰিয়াই সীমান্ত অতিক্ৰম কৰি আৱৰ্জনাৰে ভৰ্তি বেলুন উৰুৱাই পঠোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই অভিযান চলোৱা হৈছিল। সামৰিক আইন জাৰিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাছিল বুলিও যুক্তি দাঙি ধৰে প্ৰতিৰক্ষা পক্ষই।
উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সামৰিক আইন জাৰি কৰি ৰাষ্ট্ৰীয় সংসদৰ স্বাভাৱিক কাৰ্যকলাপ ব্যাহত কৰাৰ অভিযোগত য়ুন ছুক য়োলক যাবজ্জীৱন কাৰাদণ্ড বিহিছিল আদালতে। সেই ৰায়ৰ বিৰুদ্ধে ইতিমধ্যে আপীল দাখিল কৰিছে তেওঁ।
ইফালে, নতুন ৰায়ৰ ফলত দক্ষিণ কোৰিয়াৰ ৰাজনীতিত পুনৰ ব্যাপক চৰ্চাৰ সূচনা হৈছে। উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত দীৰ্ঘদিন ধৰি অব্যাহত থকা উত্তেজনাৰ মাজতে ড্ৰোন অনুপ্ৰৱেশক কেন্দ্ৰ কৰি দুয়োখন দেশৰ সম্পৰ্ক পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দুত আহি পৰিছে।
