বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মহাৰণ ফিফা বিশ্বকাপক লৈ সমগ্ৰ বিশ্বত আৰম্ভ হৈছে ব্যাপক উছাহ। এই বিশ্বজনীন ক্ৰীড়া উৎসৱৰ মাজতে অসমলৈ আহিছে এক গৌৰৱোজ্জ্বল খবৰ। ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ আয়োজক টিমত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ফিফা বিশ্বকাপ ২০২৬ত ফেন অপাৰেচনছ এণ্ড গেষ্ট এক্সপিৰিয়েন্স টিমৰ সদস্য হিচাপে দায়িত্ব লাভ কৰিছে পিজাই। আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্বকাপৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে পোনপটীয়াকৈ জড়িত থাকিব তেওঁ।
এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে পিজা ভৰালী। সামাজিক মাধ্যমত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ সৈতে জড়িত হোৱাৰ সুযোগ তেওঁৰ জীৱনৰ এক ডাঙৰ সপোন পূৰণৰ সমান।
পিজাৰ এই সাফল্যই পৰিয়ালৰ লগতে ডিব্ৰুগড় আৰু সমগ্ৰ অসমকে গৌৰৱান্বিত কৰি তুলিছে। ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ এই যাত্ৰাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাদায়ক দৃষ্টান্ত হিচাপে গণ্য কৰা হৈছে।
ডিব্ৰুগড়ৰ পি এন ৰোডৰ বাসিন্দা দীপক কুমাৰ ভৰালী আৰু নিভামণি ভৰালীৰ কন্যা পিজাই শৈশৱৰে পৰা ক্ৰীড়াৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল। এগৰাকী দক্ষ বেডমিণ্টন খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা অৰ্জন কৰিছিল তেওঁ। ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ সৈতে যুটীয়াভাৱে ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছ শাখাত খিতাপ জয় কৰি লাভ কৰিছিল বিশেষ স্বীকৃতি।
পৰৱৰ্তী সময়ত আমেৰিকাৰ ডিপল বিশ্ববিদ্যালয়ত স্পৰ্টছ মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে পিজাই। বিশ্ববিদ্যালয়ত অধ্যয়নকালত তেওঁ এটা বেডমিণ্টন ক্লাব প্ৰতিষ্ঠা কৰাৰ লগতে ক্লাবটোৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰে। বিভিন্ন পটভূমিৰ শিক্ষাৰ্থীক ক্ৰীড়াৰ জৰিয়তে একত্ৰিত কৰাৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰি আহিছে তেওঁ।
উল্লেখ্য যে, আমেৰিকালৈ যোৱাৰ পূৰ্বে গুৱাহাটীত ভাৰতীয় ডাক বিভাগত কৰ্মৰত আছিল পিজা ভৰালী। বৰ্তমান তেওঁ আমেৰিকাত নেচকাৰ চিকাগোৰ মাৰ্কেটিং ইভেণ্টছ ষ্টাফ হিচাপে কৰ্মৰত হৈ আছে।
তদুপৰি, ফৰ্মুলা ৱান মায়ামী গ্ৰেণ্ড প্ৰিক্সৰ ফেন এণ্ড কেম্পাছ অপাৰেচনছ বিভাগৰ লগতে হাৰ্লি-ডেভিডছনৰ একাধিক অনুষ্ঠানতো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে তেওঁ। সেই অভিজ্ঞতাৰ ভিত্তিতেই এইবাৰ বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ আয়োজক টিমত স্থান লাভ কৰিবলৈ সক্ষম হয় অসম কন্যা পিজা ভৰালীয়ে।
