Paromita

898 Posts
বন্যপ্ৰাণী চোৰাং চিকাৰৰ আশংকা; গাভৰু নদীত উদ্ধাৰ বাঘৰ ক্ষতবিক্ষত মৃতদেহ

বন্যপ্ৰাণী চোৰাং চিকাৰৰ আশংকা; গাভৰু নদীত উদ্ধাৰ বাঘৰ ক্ষতবিক্ষত মৃতদেহ

তেজপু অসমৰ বনাঞ্চলত পুনৰ মূৰ দাঙি উঠিছে বন্যপ্ৰাণী চোৰাং চিকাৰৰ আশংকা! শোণিতপুৰ জিলাৰ গাভৰু নদীৰ চৰত নেজ আৰু চাৰিওটা ভৰি কটা অৱস্থাত এটা ৰয়েল বেংগল টাইগাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে চোৰাং চিকাৰৰ আশংকাক লৈ পুনৰ সষ্টম হৈ পৰিছে বন বিভাগ। বুধবাৰে থেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছগাঁৱৰ সমীপত মৃতদেহটো উদ্ধাৰ কৰে বন বিভাগে। বাঘটোৰ শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ অংশ অনুপস্থিত থকাৰ বাবেই চোৰাং চিকাৰীৰ জড়িত থকাৰ সন্দেহ অধিক ঘনীভূত হৈছে। পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বিশ্বজ্যোতি দাসে জানিবলৈ দিয়া মতে, বাঘটোৰ মূল্যৱান অংগ-প্ৰত্যংগ কাটি নিয়াৰ পাছত মৃতদেহটো নদীত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। প্ৰাথমিক পৰ্যবেক্ষণ অনুসৰি, মৃত্যুৰ কেইবাদিনো পাছত মৃতদেহটো…
Read More
কেৰালাত পুনৰ নিপাহৰ আতংক; কোঝিকোডত সংক্ৰমণ ধৰা পৰাৰ পিছতে হাই এলাৰ্ট জাৰি

কেৰালাত পুনৰ নিপাহৰ আতংক; কোঝিকোডত সংক্ৰমণ ধৰা পৰাৰ পিছতে হাই এলাৰ্ট জাৰি

কেৰালাত পুনৰ আতংকৰ সৃষ্টি কৰিছে নিপাহ ভাইৰাছে। ৰাজ্যখনৰ কোঝিকোডত শেহতীয়াকৈ এজন ৰোগীৰ দেহত পুনৰ এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে। আক্ৰান্ত বুলি সন্দেহ কৰা ৪৩ বছৰীয়া ব্যক্তিজন বৰ্তমান কোঝিকোড চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আইচিইউ কক্ষত ৰখা লোকজনক ভেণ্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰি আছে চিকিৎসকসকলে। বুধবাৰে হাস্পতালত সম্পন্ন হোৱা ব্যক্তিজনৰ প্ৰাথমিক পৰীক্ষাত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পিছতে নিশ্চিতকৰণৰ বাবে নমুনা পুনেৰ ৰাষ্ট্ৰীয় ভাইৰ'লজি প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। চূড়ান্ত পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, ফেৰোকৰ বাসিন্দা লোকজন প্ৰথমে এখন নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ…
Read More
ওমান উপকূলত জাহাজত আক্ৰমণ! হিমাচলৰ যুৱ নাবিকসহ তিনিজনৰ মৃত্যু

ওমান উপকূলত জাহাজত আক্ৰমণ! হিমাচলৰ যুৱ নাবিকসহ তিনিজনৰ মৃত্যু

মধ্যপ্ৰাচ্যত চলি থকা সামৰিক উত্তেজনা আৰু সামুদ্ৰিক সংঘাতৰ মাজতে ওমান উপকূলত সংঘটিত এক আক্ৰমণে প্ৰাণ কাঢ়ি নিলে ভাৰতৰ তিনিজনকৈ নাবিকৰ। নিহতসকলৰ ভিতৰত আছে হিমাচল প্ৰদেশৰ এজন যুৱ ডেক কেডেটো। নিহত যুৱকজনক আদিত্য শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ব্যৱসায়িক নৌবাহিনীৰ অনুমোদিত বিষয়া হোৱাৰ লক্ষ্যৰে তেওঁ জাহাজখনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। ওমান উপকূলৰ শিনাছ বন্দৰৰ ওচৰত সংঘটিত এই আক্ৰমণত তেওঁৰ লগতে প্ৰাণ হেৰুৱায় ইঞ্জিন ফিটাৰ শিৱানন্দ চৌৰাছিয়া আৰু মুখ্য অভিযন্তা পাটনালা সুৰেশে। প্ৰাপ্ত তথ্য অনুসৰি, ইৰানৰ পৰা তেল কঢ়িয়াই অনা পালাউ পতাকাবাহী এম টি চেটেবেল্লো নামৰ জাহাজখনক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হয়। সামুদ্ৰিক নিৰ্দেশনা মানি নচলাৰ অভিযোগত আমেৰিকান বাহিনীয়ে জাহাজখনৰ বিৰুদ্ধে…
Read More
অবৈধভাৱে মজুত ৩৩টা গেছ চিলিণ্ডাৰ; কাজিৰঙাৰ দুই ভাতৃক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

অবৈধভাৱে মজুত ৩৩টা গেছ চিলিণ্ডাৰ; কাজিৰঙাৰ দুই ভাতৃক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

অবৈধভাৱে মজুত কৰা ৩৩টা ৰন্ধন গেছৰ চিলিণ্ডাৰেই অৱশেষত কাৰাগাৰলৈ পঠিয়ালে কাজিৰঙাৰ দুই ভাতৃক। যোৰহাটৰ এখন আদালতে দুয়োজনক ৬ মাহকৈ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাকৈ জৰিমনা বিহে। শেহতীয়াকৈ ঘোষণা কৰা এক ৰায়ত কাজিৰঙাৰ কাকজান আলি চুবুৰীৰ বাসিন্দা ছাদিকুৰ ৰহমান আৰু ছিদ্দিকে ৰহমানক দোষী সাব্যস্ত কৰে যোৰহাটৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। দুয়োজনে জৰিমনা আদায় দিব নোৱাৰিলে আৰু এক মাহকৈ কাৰাদণ্ড ভুগিব লাগিব বুলিও ৰায়ত উল্লেখ কৰা হয়। খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ২০১৮ চনত দাখিল কৰা এক গোচৰৰ ভিত্তিত এই ৰায় প্ৰদান কৰা হয়। সেই সময়ত বিভাগ আৰু আৰক্ষীৰ যৌথ দলে অভিযান চলাই অভিযুক্ত দুজনৰ দোকান-সহ বাসগৃহৰ পৰা ৩৩…
Read More
একেটা লাইনত মুখামুখি দুখন ৰে’ল! ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা শতাধিক যাত্ৰীৰ

একেটা লাইনত মুখামুখি দুখন ৰে’ল! ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা শতাধিক যাত্ৰীৰ

এক বৃহৎ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰ। একেটা ৰে’লপথত মুখামুখি আহি পৰিছিল দুখন ৰে’ল, যাৰ ফলত যাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ। বৃহস্পতিবাৰে ঝাৰপাড়া দলঙৰ সমীপত এই ঘটনা সংঘটিত হয়। প্ৰাথমিক তথ্য অনুসৰি, এখন ৰে’ল ভুবনেশ্বৰৰ পৰা মাঞ্চেশ্বৰ অভিমুখে গৈ আছিল। আনখন ৰে’ল মাঞ্চেশ্বৰৰ পৰা ভুবনেশ্বৰ অভিমুখে আহি আছিল। এটা সময়ত দুয়োখন ৰে’ল একেটা লাইনত মুখামুখি অৱস্থাত উপস্থিত হয়। ফলত সংঘৰ্ষৰ আশংকাই যাত্ৰীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰে। ইফালে, ৰে’ল কৰ্মচাৰীৰ সময়োচিত তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা সম্ভব হয়। ফলত এক সম্ভাৱ্য ভয়ংকৰ দুৰ্ঘটনা এৰাই যোৱাত সক্ষম হয় ৰে’ল কৰ্তৃপক্ষ। ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে,…
Read More
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; দ খাৱৈত বাগৰি পৰিল বাহন, নিহত ৩

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; দ খাৱৈত বাগৰি পৰিল বাহন, নিহত ৩

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ মাজতে অৰুণাচল প্ৰদেশত সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা। পাহাৰ খহি পৰাৰ ফলত এখন বাহন পথৰ পৰা পিছলি দ খাদলৈ বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনিজন লোকে। ঘটনাটোত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। বুধবাৰে পুৱা আপাৰ ছিয়াং জিলাৰ মিগিং–টুটিং পথত এই দুৰ্ঘটনা সংঘটিত হয়। ভূমিস্খলনৰ ফলত এখন টাটা নেক্সন বাহন পথৰ পৰা প্ৰায় ২০০ মিটাৰ তলৰ খাৱৈত বাগৰি পৰে। মৰ্মান্তিক দুৰ্ঘটনাটোত নিহত সকলক অট্টু নিটিক, তেওঁৰ পত্নী বামি নিটিক আৰু অ'লেক টালি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত ভাৰতীয় সেনা, ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী আৰু স্থানীয় প্ৰশাসনে প্ৰায় ৯ ঘণ্টা সময় ধৰি উদ্ধাৰ অভিযান চলাই…
Read More
মেঘালয় সীমান্তত উত্তেজনা; ন’ মেন’ছ লেণ্ডত আৱদ্ধ বাংলাদেশী নাগৰিক, মুখামুখি BSF–BGB

মেঘালয় সীমান্তত উত্তেজনা; ন’ মেন’ছ লেণ্ডত আৱদ্ধ বাংলাদেশী নাগৰিক, মুখামুখি BSF–BGB

সীমান্ত অতিক্ৰম কৰি ভাৰত ভূমিত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক লৈ মেঘালয়ৰ ভাৰত–বাংলাদেশ সীমান্তত মঙলবাৰে সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা ব্যক্তিগৰাকীক বাংলাদেশী পক্ষই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে তেওঁ ন’ মেন’ছ লেণ্ডত আৱদ্ধ হৈ পৰে। মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো হিলছ জিলাৰ মহেন্দ্ৰগঞ্জৰ নন্দীৰচৰ সীমান্ত অঞ্চলত এই ঘটনা সংঘটিত হয়। বিএছএফ সূত্ৰই জানিবলৈ দিয়া মতে, সীমান্ত অতিক্ৰম কৰি সন্দেহজনকভাৱে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা এজন ব্যক্তিক বাহিনীয়ে আটক কৰে। পিছত তেওঁক পুনৰ সীমান্তৰ ফালে লৈ যোৱা সময়ত বাংলাদেশ সীমান্ত ৰক্ষী বাহিনীয়ে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ ফলত সীমান্তৰ মধ্যৱৰ্তী ন’ মেন’ছ লেণ্ডত ব্যক্তিগৰাকী আৱদ্ধ হৈ পৰে।…
Read More
আমেৰিকাত ভাৰতীয় সেনা বিষয়াৰ কৃতিত্ব; দুটাকৈ সন্মান লাভ মেজৰ প্ৰভাত মিশ্ৰৰ

আমেৰিকাত ভাৰতীয় সেনা বিষয়াৰ কৃতিত্ব; দুটাকৈ সন্মান লাভ মেজৰ প্ৰভাত মিশ্ৰৰ

আন্তঃৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিবলৈ সক্ষম হ’ল ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই। আমেৰিকাৰ এক সন্মানজনক সামৰিক শিক্ষানুষ্ঠানত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দুটা বিশেষ শৈক্ষিক সন্মান লাভ কৰে মেজৰ প্ৰভাত মিশ্ৰই। আমেৰিকাৰ কেনছাছ অংগৰাজ্যৰ ফ'ৰ্ট লিভেনৱৰ্থস্থিত ইউ এছ আৰ্মি কমাণ্ড এণ্ড জেনেৰেল ষ্টাফ কলেজত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত মেজৰ প্ৰভাত মিশ্ৰক ‘জেনেৰেল ডাগলাছ মেকআৰ্থাৰ মিলিটাৰী লীডাৰশ্বিপ ৰাইটিং এৱাৰ্ড’ আৰু ‘বিৰাৰ-ব্ৰুকছ এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং মাষ্টাৰ্ছ থেছিছ’ প্ৰদান কৰা হয়। দহ মাহজোৰা এই উন্নত সামৰিক নেতৃত্ব কাৰ্যসূচীত মুঠ ৯৫১ গৰাকী বিষয়াই অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বিশ্বৰ ৯২ খন দেশৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক বিষয়াও অন্তৰ্ভুক্ত আছিল। সামৰিক নেতৃত্ব, কৌশলগত চিন্তাধাৰা আৰু গৱেষণামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব…
Read More
শ্ৰীভূমি কাৰাগাৰত নিষিদ্ধ সামগ্ৰী যোগানৰ অভিযোগ; দুজন সহকাৰী কাৰাধ্যক্ষসহ চাৰি কৰ্মচাৰী গ্ৰেপ্তাৰ

শ্ৰীভূমি কাৰাগাৰত নিষিদ্ধ সামগ্ৰী যোগানৰ অভিযোগ; দুজন সহকাৰী কাৰাধ্যক্ষসহ চাৰি কৰ্মচাৰী গ্ৰেপ্তাৰ

কাৰাবন্দীসকলক মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী যোগান ধৰাৰ অভিযোগত শ্ৰীভূমি জিলা কাৰাগাৰৰ চাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত দুজন সহকাৰী কাৰাধ্যক্ষ আৰু দুজন ৱাৰ্ডাৰ আছে। আৰক্ষীৰ মতে, অভিযুক্তসকল হৈছে ৰুদ্ৰ দেউৰী, শুভাশীষ ঘোষ, মাছিদ আলী লস্কৰ আৰু বিশ্বজিৎ বৰুৱা। মঙলবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। চলিত বৰ্ষৰ আৰম্ভণিতে কাৰাগাৰখনৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰৰ ঘটনাৰ তদন্তৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে। ঘটনাটোৱে কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থা আৰু আভ্যন্তৰীণ তদাৰকক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ২ ফেব্ৰুৱাৰীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত আৰক্ষীয়ে কাৰাগাৰখনত আকস্মিক তালাচী অভিযান চলায়। অভিযানকালত বিভিন্ন ৱাৰ্ডৰ পৰা ২৯টা মোবাইল ফোন, চাৰ্জাৰ,…
Read More
নগাঁৱত বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান; ছয়খন মটৰচাইকেল জব্দ, এজন গ্ৰেপ্তাৰ

নগাঁৱত বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান; ছয়খন মটৰচাইকেল জব্দ, এজন গ্ৰেপ্তাৰ

যানবাহন চুৰিৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত সফলতা লাভ কৰিছে আৰক্ষীয়ে। নগাঁও জিলাৰ ডুমডুমিয়া অঞ্চলত চলোৱা অভিযানত ছয়খন সন্দেহজনক চোৰাং মটৰচাইকেল জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে ডুমডুমিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কাৰ্তিক বছাকৰ নেতৃত্বত বালিসত্ৰ সাপ্তাহিক বজাৰ অঞ্চলত এই অভিযান চলোৱা হয়। অভিযানকালত বেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বজাকাটি পাথাৰ গাঁৱৰ বাসিন্দা আছিকুল ইছলামক আটক কৰে আৰক্ষীয়ে। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, অভিযানত উদ্ধাৰ হোৱা ছয়খন মটৰচাইকেল চোৰাং বুলি সন্দেহ কৰা হৈছে। বাহনসমূহ জব্দ কৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে। জব্দ কৰা মটৰচাইকেলকেইখন ক'ৰ পৰা অহা আৰু সেয়া কোনো বৃহৎ বাহন চুৰি চক্ৰৰ সৈতে জড়িত…
Read More