তেজপু অসমৰ বনাঞ্চলত পুনৰ মূৰ দাঙি উঠিছে বন্যপ্ৰাণী চোৰাং চিকাৰৰ আশংকা! শোণিতপুৰ জিলাৰ গাভৰু নদীৰ চৰত নেজ আৰু চাৰিওটা ভৰি কটা অৱস্থাত এটা ৰয়েল বেংগল টাইগাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে চোৰাং চিকাৰৰ আশংকাক লৈ পুনৰ সষ্টম হৈ পৰিছে বন বিভাগ।
বুধবাৰে থেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছগাঁৱৰ সমীপত মৃতদেহটো উদ্ধাৰ কৰে বন বিভাগে। বাঘটোৰ শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ অংশ অনুপস্থিত থকাৰ বাবেই চোৰাং চিকাৰীৰ জড়িত থকাৰ সন্দেহ অধিক ঘনীভূত হৈছে।
পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বিশ্বজ্যোতি দাসে জানিবলৈ দিয়া মতে, বাঘটোৰ মূল্যৱান অংগ-প্ৰত্যংগ কাটি নিয়াৰ পাছত মৃতদেহটো নদীত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। প্ৰাথমিক পৰ্যবেক্ষণ অনুসৰি, মৃত্যুৰ কেইবাদিনো পাছত মৃতদেহটো উজাই আহি গাভৰু নদীৰ চৰত আৱদ্ধ হৈ পৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে পশ্চিম শোণিতপুৰ বন সংমণ্ডল, তেজপুৰ বন পৰিসৰ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। পিছত বন্যপ্ৰাণী শাখাৰ বিষয়া আৰু পশু চিকিৎসা বিশেষজ্ঞই মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে বিভিন্ন নমুনা সংগ্ৰহ কৰে।
বন বিভাগে জানিবলৈ দিয়া মতে, বাঘটোৰ দৈৰ্ঘ্য প্ৰায় পাঁচ ফুট আছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত বন্যপ্ৰাণী ব্যৱস্থাপনা নীতি অনুসৰি গাভৰু নদীৰ পাৰত মৃতদেহটো দাহ কৰা হয়।
ইফালে, ঘটনাটোক লৈ পূৰ্ণাংগ তদন্ত আৰম্ভ কৰিছে বন বিভাগে। ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন লাভ হোৱাৰ পাছতহে মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হ’ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।
উল্লেখ্য যে, অসমৰ বিভিন্ন বনাঞ্চলত পূৰ্বেও বাঘ, হাতী, গঁড় আদি বন্যপ্ৰাণী চোৰাং চিকাৰৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়া এই ঘটনাই পুনৰ এবাৰ বন্যপ্ৰাণী সুৰক্ষা আৰু চোৰাং চিকাৰ ৰোধৰ ব্যৱস্থাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।
