Paromita

898 Posts
তৃণমূলৰ সৈতে সম্পৰ্কৰ ইতি; দল ত্যাগৰ কথা নিশ্চিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ

তৃণমূলৰ সৈতে সম্পৰ্কৰ ইতি; দল ত্যাগৰ কথা নিশ্চিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ

ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা প্ৰকাশ্যে নিশ্চিত কৰিলে প্ৰাক্তন শিলচৰৰ সাংসদ সুস্মিতা দেৱে। তেওঁৰ এই ঘোষণাৰ পিছতে ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা অধিক তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সুস্মিতা দেৱে কয়, "মই তৃণমূল কংগ্ৰেছ এৰিছোঁ। কিয় দল এৰিছোঁ, সেয়া এক দীঘলীয়া কাহিনী। মই একেলগে দুখন নাৱত ভৰি দি থাকিব নোখোজোঁ। মমতা দিদিক লৈ মই কোনো মন্তব্য নকৰোঁ।" তৃণমূল কংগ্ৰেছৰ পৰা নিজৰ প্ৰস্থানৰ কথা তেওঁ প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে স্বীকাৰ কৰে। অৱশ্যে দল ত্যাগৰ নিৰ্দিষ্ট কাৰণ সম্পৰ্কে সুস্মিতা দেৱে কোনো ব্যাখ্যা দাঙি ধৰা নাই। ইয়াৰ সমান্তৰালভাৱে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কোনো মন্তব্য…
Read More
নিয়ন্ত্ৰণৰেখাত পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি ভাৰতীয় সেনাৰ গুলীচালনা

নিয়ন্ত্ৰণৰেখাত পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি ভাৰতীয় সেনাৰ গুলীচালনা

সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কু-অভিপ্ৰায়ৰ মাজতেই জম্মু-কাশ্মীৰৰ পুঞ্চত ধৰা পৰিল এটা সন্দেহজনক পাকিস্তানী ড্ৰোন। ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰি সেনাৰ অগ্ৰৱৰ্তী চকীৰ সমীপত কিছু সময় উৰি থকাৰ পিছতেই সন্দেহজনক ড্ৰোণটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে ভাৰতীয় সেনাবাহিনীয়ে। বিষয়াসকলৰ মতে, জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত যোৱা সোমবাৰে নিশা এই ঘটনাটো সংঘটিত হয়। সীমান্তত নিয়মীয়া নিৰীক্ষণৰ সময়ত সেনা জোৱানসকলে ড্ৰোনটোৰ চলাচল চিনাক্ত কৰে। জানিব পৰা মতে, ড্ৰোনটো কিছু সময়ৰ বাবে ভাৰতীয় সেনাৰ অগ্ৰৱৰ্তী ঘাটিৰ ওপৰত বা তাৰ আশে-পাশে উৰি আছিল। ইয়াৰ পিছতেই সেনা জোৱানসকলে ড্ৰোণটোলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰে। সেনা সূত্ৰৰ দাবী অনুসৰি, গুলীচালনাৰ পিছতেই ড্ৰোণটো পাকিস্তান অধিকৃত কাশ্মীৰৰ…
Read More
মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

আকাশমাৰ্গত এজন যাত্ৰীৰ অস্বাভাৱিক আচৰণক কেন্দ্ৰ কৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমানত। বিমানখনৰ খিৰিকীত বাৰে বাৰে মূৰেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে উক্ত যাত্ৰীজনৰ বিৰুদ্ধে। অৱশ্যে শেষ পৰ্যন্ত বিমানখন সুৰক্ষিতভাৱে দিল্লীত অৱতৰণ কৰে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ৭ জুনত চণ্ডীগড়ৰ পৰা দিল্লী অভিমুখী এআই-১৮৭৯ বিমানখনত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, বিমানখন আকাশমাৰ্গত উৰি থকাৰ সময়তে এজন যাত্ৰীয়ে হঠাতে নিয়ন্ত্ৰণহীন আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু বিমানৰ খিৰিকীৰ আইনাত বাৰে বাৰে মূৰেৰে খুন্দিয়াবলৈ ধৰে। ইয়াৰ ফলত খিৰিকীৰ ভিতৰৰ এক্ৰিলিক স্তৰটোৰ ক্ষতিসাধন হয়। এই ঘটনাটোক লৈ বিমানকৰ্মীসকলৰ মাজত যথেষ্ট উদ্বেগৰ সৃষ্টি হয় যদিও যাত্ৰী, ক্ৰু…
Read More
জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাঃ ১২ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাঃ ১২ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ১২ বছৰ সম্পূৰ্ণ কৰি দেশৰ ৰাজনৈতিক ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী হ’ল নৰেন্দ্ৰ মোদী। এই বিশেষ অভিলেখৰ গৰাকী হৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসেৱাকেই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা বুলি অভিহিত কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মোদীয়ে কয়, "জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা।" যোৱা ১২ বছৰত মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু দেশৰ সামগ্ৰিক প্ৰগতিক আগুৱাই নিয়াৰ লক্ষ্যৰেই তেওঁৰ চৰকাৰে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, দৰিদ্ৰ কল্যাণ, সামাজিক ন্যায়, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰূপান্তৰ আৰু সাধাৰণ জনতাৰ সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তন অনা হৈছে। তেওঁ কয়, "বিকশিত ভাৰতৰ…
Read More
কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ

কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ

কৰ্মসংস্থাপনৰ আশাত আপোন ঘৰ-দুৱাৰ এৰি ওলাই গৈছিল তেওঁলোক। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰত মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই যাত্ৰা এক ভয়ংকৰ দুৰ্বিষহ অভিজ্ঞতালৈ পৰিণত হ’ল। অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীত অনাহাৰ, অমানৱীয় মাৰধৰ আৰু প্ৰাণৰ ভাবুকিৰ মাজত দিন কটাবলগীয়া হোৱা অসমৰ সাতগৰাকী যুৱকৰ ক্ষেত্ৰত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে যোৱা সোমবাৰে মিচিং সমাজৰ দুটা সংগঠনে অভিযান চলাই তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আনে। উদ্ধাৰ হোৱা এই যুৱককেইজন অসমৰ শদিয়া মহকুমাৰ বাসিন্দা আৰু আটাইকেইগৰাকী মিচিং সম্প্ৰদায়ৰ। নিৰ্মাণকাৰ্যত নিয়োজিত হ’বলৈকে তেওঁলোকে অৰুণাচল প্ৰদেশলৈ গৈছিল। তাকাম মিচিং পৰিন কেবাং (টিএমপিকে)-ৰ শদিয়া জিলা কমিটি আৰু মিচিং মিমাগ কেবাং (এমএমকে)-ৰ সদস্যসকলে যৌথভাৱে এই উদ্ধাৰ অভিযান চলায়। ভুক্তভোগী…
Read More
ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক

ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক

পাক অধিকৃত কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক বঞ্চনাই এতিয়া ধাৰণ কৰিছে ভয়াৱহ ক্ষোভৰ ৰূপ। অঞ্চলটোৰ সাধাৰণ জনতাৰ অধিকাৰৰ হকে ধাৰাবাহিক আন্দোলন চলাই অহা এক শক্তিশালী নাগৰিক মঞ্চক চৰকাৰে সন্ত্ৰাসবাদী আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰাৰ পাছতে পৰিস্থিতি সম্পূৰ্ণ অগ্নিগৰ্ভা হৈ পৰে। শান্তিশৃংখলা ৰক্ষাৰ দোহাই দি প্ৰশাসনে জাপি দিয়া এই দমনমূলক নীতিৰ বিৰুদ্ধে হেজাৰ হেজাৰ ক্ষুব্ধ নাগৰিক ৰাজপথলৈ ওলাই অহাত নিৰাপত্তা বাহিনীৰ সৈতে মুখামুখি সংঘাতৰ সৃষ্টি হয়। চৰকাৰী বাহিনী আৰু সাধাৰণ প্ৰতিবাদকাৰীৰ মাজত হোৱা এই তুমুল সংঘাতৰ ফলত ৩০ জনতকৈও অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় ২০০ জন লোক গুৰুতৰভাৱে আহত হৈছে। ৰাৱালাকোট চহৰত যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰশাসনে…
Read More
মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীততীব্ৰ আতংকৰ সৃষ্টি কৰিছে শিশু অপহৰণকাৰীয়ে। উলুবাৰী অঞ্চলত মঙলবাৰে দিনদুপৰতে সংঘটিত এক ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে এক তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু অপহৰণৰ অভিযোগত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপত একাংশ স্থানীয় ৰাইজে এজন ব্যক্তিক আটক কৰি পিছত আৰক্ষীক গতাই দিয়ে। ধৃত লোকজনৰ নাম প্ৰদীপ দাস বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ বাসিন্দা এই ব্যক্তিজনে চহৰখনৰ ডি এ ভি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা বুলি স্থানীয় লোকে গুৰুতৰ সন্দেহ প্ৰকাশ কৰে। অভিযোগ অনুসৰি, বিদ্যালয়ৰ পৰা ওলাই অহা শিশুটিৰ ওচৰ চাপি প্ৰথমে চকলেটৰ প্ৰলোভনেৰে তাক ফুচলাবলৈ চেষ্টা কৰিছিল প্ৰদীপ দাসে। তাৰ পিছত ব্যক্তিজনে ছাত্ৰজনক বলপূৰ্বক লৈ যাবলৈ বিচাৰোঁতেই শিশুটি কোনোমতে…
Read More
ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ

ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ

সমগ্ৰ অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল শিৱাংগী সোণোৱালে। দেশৰ ভিতৰতে সুপ্ৰতিষ্ঠিত নাগপুৰৰ ‘নেশ্যনেল ফায়াৰ চাৰ্ভিচ কলেজ’ৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে অলপতে যোগ্যতা অৰ্জন কৰে তিনিচুকীয়া জিলাৰ শিৱাংগীয়ে। তেওঁ প্ৰতিষ্ঠানখনৰ পৰা ফায়াৰ ইঞ্জিনিয়াৰিং শাখাৰ বিটেক পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে। তিনিচুকীয়াৰ ডাঙৰী গাঁৱৰ বাসিন্দা জিতুল সোনোৱাল আৰু বন্তী সন্দিকৈ সোনোৱালৰ কন্যা শিৱাংগীৰ এই সফলতা আচলতে এক অনন্য নজীৰ। অত্যন্ত প্ৰতিযোগিতাপূৰ্ণ আৰু কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে পৰিচিত এই পাঠ্যক্ৰমত প্ৰতি বছৰে সমগ্ৰ দেশৰ মাত্ৰ কেইগৰাকীমান মহিলাইহে নামভৰ্তিৰ সুযোগ লাভ কৰে। উল্লেখ্য যে এই স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে ‘জে ই ই মেইন’ পৰীক্ষাত…
Read More
মানস ৰাষ্ট্ৰীয় উদ্যানত ১৫টা আপুৰুগীয়া বামন গাহৰি মুকলি; বন্যপ্ৰাণীত সংৰক্ষণৰ এই ডাঙৰ সফলতাক লৈ প্ৰশংসা মুখ্যমন্ত্ৰীৰ

মানস ৰাষ্ট্ৰীয় উদ্যানত ১৫টা আপুৰুগীয়া বামন গাহৰি মুকলি; বন্যপ্ৰাণীত সংৰক্ষণৰ এই ডাঙৰ সফলতাক লৈ প্ৰশংসা মুখ্যমন্ত্ৰীৰ

প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীত সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টালৈ এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে ৰাজ্যখনৰ এক বিশেষ উদ্যোগে। ‘বামন গাহৰি সংৰক্ষণ কাৰ্যসূচী’ৰ অধীনত ১৫ টাকৈ বিৰল প্ৰজাতিৰ বামন গাহৰি এতিয়া মুকলি কৰি দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশত। জিলাখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত হাতত লোৱা এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে এই পদক্ষেপে অসমৰ ঠুনুকা ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু বিলুপ্তপ্ৰায় বামন গাহৰি সুৰক্ষাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব। বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল প্ৰজাতিৰ এই বনৰীয়া গাহৰি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে লোৱা স্থায়িত্বমূলক ব্যৱস্থাক প্ৰশংসা…
Read More
ধুবুৰীত বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ সামগ্ৰীসহ নগদ ধন জব্দ

ধুবুৰীত বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ সামগ্ৰীসহ নগদ ধন জব্দ

জিলাখনত সক্ৰিয় হৈ থকা বাহন চোৰৰ এক বিশাল নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল ধুবুৰী সদৰ আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত আৰক্ষীৰ দলটোৱে অৱশেষত উৎখাত কৰিবলৈ সক্ষম হয় এটা বাইক চুৰি চক্ৰ। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এই অভিযান চলাই ঘটনাৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং বাইক আৰু বহু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে। জানিব পৰা মতে, চহৰখনৰ পাঁচম’ৰা নামৰ ঠাই টুকুৰাৰ পৰা এখন মটৰচাইকেল চুৰি হোৱা বুলি লাভ কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ সূত্ৰই প্ৰকাশ…
Read More