09
Jun
পুনৰ বহিঃৰাজ্যত এক নৃশংস হত্যাকাণ্ডৰ বলি হ’ল অসমৰ এজন যুৱক। তামিলনাডুৰ চেন্নাই চহৰত যোৱা ৫ জুনত সংঘটিত হয় এই সমগ্ৰ লোমহৰ্ষক হত্যাকাণ্ড। এই জঘন্য অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৃত যুৱকজনৰ পত্নী আৰু তেওঁৰ এজন বন্ধুক। চেন্নাইৰ পেৰাম্বুৰ ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ চিৰিৰ কাষত এটা পৰিত্যক্ত চুটকেচৰ ভিতৰত মৃতদেহৰ এটা অংশ উদ্ধাৰ হোৱাৰ পাছতে এই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হয়। চুটকেচটোৰ পৰা ওলোৱা তীব্ৰ দুৰ্গন্ধৰ বাবে যাত্ৰীসকলে ৰেলৱে আৰক্ষীক খবৰ দিছিল। চেন্নাই আৰক্ষীৰ তদন্তকাৰী দলে জানিবলৈ দিয়া অনুসৰি, তেয়নামপেটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসা আৱৰ্জনা পেলোৱা বেগৰ এক সূত্ৰ ধৰি এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰা হৈছিল।…
