নিট-ইউজি পুনৰ পৰীক্ষাঃ প্ৰশ্নকাকত কঢ়িয়াব ভাৰতীয় বায়ু সেনাই, কটকটীয়া সুৰক্ষা ব্যৱস্থা

অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নিট-ইউজি পুনৰ পৰীক্ষাৰ প্ৰশ্নকাকত দেশৰ ১৮ টা স্থানলৈ সুৰক্ষিতভাৱে কঢ়িয়াই নিয়াৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে ভাৰতীয় বায়ু সেনাই। যোৱা ৩ মে’ৰ পৰীক্ষাটো প্ৰশ্নকাকত ফাদিলৰ অভিযোগত বাতিল হোৱাৰ পিছতে এই নতুন আৰু ব্যাপক সুৰক্ষা পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হয়, তাৰ বাবে কৰ্তৃপক্ষই এইবাৰ অভূতপূৰ্ব সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পূৰ্বেই বায়ু সেনাক এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ কথা সদৰী কৰিছিল।

পৰীক্ষাৰ সামগ্ৰীসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু পৰিবহনৰ সময়ত কোনো ধৰণৰ বিসংগতি ৰোধ কৰাৰ বাবেই মুখ্যতঃ বায়ু সেনাৰ বিমান ব্যৱহাৰ কৰা হ’ব। ইফালে, পৰীক্ষাটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমগ্ৰ দেশজুৰি প্ৰায় পাঁচ লাখ সুৰক্ষা কৰ্মী মোতায়েন কৰাৰ সম্ভাৱনা আছে।

তদুপৰি, যিকোনো ধৰণৰ অনিয়ম প্ৰতিৰোধ কৰিবলৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰযুক্তিযুক্ত নিৰীক্ষণ কেমেৰা ব্যৱহাৰ কৰাৰ লগতে সামাজিক মাধ্যমসমূহৰ ওপৰতো তীব্ৰ নজৰ ৰখা হ’ব। দেশৰ এই অন্যতম বৃহৎ প্ৰৱেশিকা পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ হেৰুওৱা বিশ্বাস ঘূৰাই আনিবলৈ চৰকাৰে এইবাৰ এক লিক-প্ৰুফ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।

এই বিশেষ সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে সম্পূৰ্ণ গোপনীয়তাৰ মাজত ৰখা হৈছে প্ৰশ্নকাকত প্ৰস্তুত কৰা শিক্ষক আৰু বিষয় বিশেষজ্ঞৰ দলটোক। বিগত তিনি সপ্তাহ পূৰ্বে গঠিত এই দলটোক ম’বাইল ফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। অহা ২১ জুনত পৰীক্ষা সমাপ্ত নোহোৱালৈকে এই দলটোৰ ওপৰত জাৰি কৰা এনে কঠো নিষেধাজ্ঞা বাহাল থাকিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *