08
Jun
জাতিগত হিংসাক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুৰক্ষা বাহিনীক এক গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অৰ্থাৎ চিআৰপিএফৰ সঞ্চালক প্ৰধান জি পি সিঙে। সশস্ত্ৰ দুষ্কৃতিকাৰীক প্ৰতিহত কৰিবলৈ নিয়ম অনুসৰি প্ৰয়োজন সাপেক্ষে গুলী চালনা কৰিবলৈ জোৱানসকলক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ পিছৰে পৰা সমগ্ৰ বিষয়টোৱে এতিয়া এক বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ এক ভাইৰেল ভাষণত সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰে যে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কৰ্তব্য পালন কৰাৰ সময়ত জোৱানসকলে কোনো ধৰণৰ মানসিক চাপ লোৱাৰ প্ৰয়োজন নেই। তেওঁ স্পষ্টকৈ কয়, "যদি আপোনালোকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গুলী চালনাই নকৰে, তেন্তে নিয়ন্ত্ৰণ সংস্থাই আমাক…
