জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ

দেশৰ হকে সীমান্তত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হ’ল অসম মাতৃৰ সন্তান বীৰেশ্বৰ গোস্বামী। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদী বিৰোধী এক অভিযানৰ নেতৃত্ব দি থকা অৱস্থাতে দ খাৱৈত পৰি প্ৰাণ হেৰুৱায় ভাৰতীয় সেনাৰ এই লেফটেনেণ্টগৰাকীয়ে। থিয় গৰা আৰু প্ৰতিকূল বতৰৰ মাজতে সংঘটিত এই মৰ্মান্তিক ঘটনাটোৱে বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমতো গভীৰ শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত বাতৰি অনুসৰি, ৰাজৌৰী জিলাৰ মাঞ্জাকোট বনাঞ্চলৰ ডৰী মাল আৰু মুগলান অঞ্চলত আশ্ৰয় লৈ থকা পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত সুৰক্ষা বাহিনীয়ে ‘অপাৰেচন শ্বেৰাৱালী’ নামৰ এটা বৃহৎ তালাচী অভিযান চলাই আছিল। এই অভিযানৰ অংশ হিচাপে অসম ৰেজিমেণ্টৰ নেতৃত্ব দি লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীয়ে এটা তালাচী দলক পাহাৰৰ এটা ঠেক বাটেৰে আগবাঢ়ি গৈছিল। তেনে সময়তে দুৰ্ভাগ্যবশতঃ ভৰি পিছলি যোৱাৰ বাবে তেওঁ প্ৰায় ৩০ মিটাৰ দ এটা খাৱৈত পৰে। ঘটনাস্থলীতে থকা সতীৰ্থ জোৱানসকলে তেওঁক উদ্ধাৰৰ বাবে তৎপৰতাৰে চেষ্টা চলায় যদিও গুৰুতৰ আঘাতৰ বাবে সেনা বিষয়াজনে মৃত্যুক সাৱটি লয়।

ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে লেফটিনেণ্ট বীৰেশ্বৰ গোস্বামীৰ এই অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। হোৱাইট নাইট কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটিনেণ্ট জেনেৰেল পি কে মিশ্ৰ আৰু সকলো স্তৰৰ সামৰিক বিষয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশৰ প্ৰতি থকা তেওঁৰ অটল ভক্তি আৰু স্বাৰ্থহীন সেৱা সদায় সকলোৰে বাবে অনুপ্ৰেৰণা হৈ ৰ’ব অনাগত দিনত। এই অসম সন্তানৰ বিয়োগত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহায়ো শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *