আপুনিও যদি নিজৰ অথবা পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চিকিৎসকৰ কাষ চপাৰ কথা ভাবিছে, আৰু ভাবিছে কোনগৰাকী চিকিৎসক ভাল হ’ব, তেন্তে এতিয়া আপোনাৰ সাৱধান হোৱাৰ সময়। দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভুৱা এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসকৰ সংখ্যা। শেহতীয়াকৈ মধ্যপ্ৰদেশত ভুৱা এম বি বি এছ ডিগ্ৰী আৰু ভুৱা চিকিৎসকৰ এক ভয়ংকৰ ৰেকেট পোহৰলৈ অহাৰ পাছতে এতিয়া ৰোগী আৰু স্বাস্থ্যখণ্ডত লাগিছে হাহাকাৰ। ভুৱা এম বি বি এছ ডিগ্ৰীৰে চৰকাৰী চাকৰি লৈ মাহেকত আশী হাজাৰ-এক লাখ টকা পৰ্যন্ত দৰমহা লৈ আহিছিল বগা কোটৰ আঁৰৰ এই ভয়ংকৰ চক্ৰটোৱে।
প্ৰথমতে এই সমগ্ৰ ৰেকেটটো ধৰা পৰিছিল দামোহ জিলাত, য’ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত সঞ্জীৱনী ক্লিনিকত কৰ্মৰত তিনিগৰাকী ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত কেইগৰাকী ক্ৰমে- ডাঃ কুমাৰ শচীন যাদৱ, ডাঃ ৰাজপাল গৌৰ আৰু ডাঃ অজয় মৌৰ্য বুলি চিনাক্ত কৰা হৈছে।
অনুসন্ধানৰ পৰা জানিব পৰা মতে, অভিযুক্ত ৰাজপাল গৌৰে ২০১৮ চনৰ এটা পুৰণি পঞ্জীয়ন নম্বৰ সালসলনি কৰি ২০২৩ চনৰ দেখুৱাইছিল, যাৰ আচল গৰাকী আছিল নৰ্মাদাপুৰমত কৰ্মৰত ডাঃ অভিষেক যাদৱ নামৰ এজন প্ৰকৃত চিকিৎসকহে। আনহাতে শচীন যাদৱৰ আচলতে বি ডি এছ আৰু ৰাজপাল গৌৰৰ বি এইচ এম এছ ডিগ্ৰীহে আছিল, তথাপিও তেওঁলোকে ভুৱা নথিৰে চৰকাৰী এলোপেথিক চিকিৎসক হিচাপে নিযুক্তি লাভ কৰিছিল।
তদন্তকাৰী সংস্থাৰ সন্দেহ অনুসৰি, প্ৰায় ৮ ৰ পৰা ১০ লাখ টকাৰ বিনিময়ত এই ভুৱা এম বি বি এছ ডিগ্ৰী আৰু চিকিৎসা পৰিষদৰ জাল প্ৰমাণপত্ৰসমূহ ক্ৰয় কৰা হৈছিল। প্ৰতিদিনে ৩০ ৰ পৰা ৪০ জনকৈ ৰোগী চোৱা এই ভুৱা চিকিৎসকসকলে চৰকাৰৰ পৰা মাহে ৭০ হাজাৰৰ পৰা ৮০ হাজাৰ টকা পৰ্যন্ত দৰমহা লৈ আছিল। বৰ্তমান এই তদন্তৰ পৰিসৰ ভোপাললৈ সম্প্ৰসাৰিত হোৱাৰ পিছতে চুনাভাট্টি আৰক্ষীয়ে আন ৯ গৰাকী অভিযুক্ত ভুৱা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ সৈতে কৰা ক্ৰছ-ভেৰিফিকেচনত তেওঁলোকৰ নথিপত্ৰসমূহো সন্দেহজনক আৰু আন চিকিৎসকৰ নামত থকা স্পষ্ট হৈ পৰিছে।
ক’লাৰ অঞ্চলৰ এ চি পি আলোক শ্ৰীবাস্তৱে সংবাদ মাধ্যমৰ আগত এই তদন্তৰ কথা নিশ্চিত কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰি বৰ্তমান তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে। এই বৃহৎ জালিয়াতি ধৰা পৰাৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যখনৰ সঞ্জীৱনী ক্লিনিক আৰু এন এইচ এমৰ অধীনত কৰ্মৰত ২ হাজাৰতকৈও অধিক ঠিকাভিত্তিক চিকিৎসকৰ ডিগ্ৰী আৰু পঞ্জীয়ন নম্বৰ পুনৰীক্ষণ কৰাৰ এক জৰুৰী নিৰ্দেশ জাৰি কৰিছে।
