08
Jun
অৱশেষত সঁচা প্ৰমাণিত হ’ল সেই ভংয়কৰ আশংকা। বিগত দুটা দিন ধাৰাবাহিক তালাচীৰ অন্তত অৱশেষত তিস্তাৰ বুকুতেই উদ্ধাৰ হ’ল গেংটকৰ নিৰুদ্দিষ্ট পৰিয়ালটোৰ মৃতদেহ। দেওবাৰে পুৱা কৰনেচন ব্ৰীজৰ সমীপৰ নদীৰ বুকৰ পৰা আটাইকেইগৰাকী যাত্ৰীৰ মৃতদেহসহ উদ্ধাৰ কৰা হয় তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্ত টাটা নেক্সন বাহনখন। উদ্ধাৰকাৰী দলে পানীৰ তলত ডুব গৈ থকা বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকা অৱস্থাতে উদ্ধাৰ কৰে আটাইকেইটা মৃতদেহ। প্ৰাপ্ত তথ্য অনুসৰি, এই মৰ্মান্তিক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোককেইগৰাকী ক্ৰমে- এছ টি এন এম হাস্পতালৰ সৈতে জড়িত চোচিয়াগাং নাৰ্চিং কলেজৰ নাৰ্চিং প্ৰবক্তা স্মাৰিকা নেউপানে, ছিকিম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ কনিষ্ঠ অভিযন্তা চাবিয়া নেউপানে, উদ্যান শস্য বিভাগৰ কৰ্মচাৰী টীকা মায়া দাহাল আৰু তেওঁৰ কন্যা…
