অসমত পূৰ্বৰ তুলনাত নৱজাতকৰ স্বাস্থ্য সুৰক্ষাৰ মানদণ্ড উন্নত হোৱাৰ এক গুৰুত্বপূৰ্ণ পৰিসংখ্যা শেহতীয়াকৈ প্ৰকাশ পাইছে। ৰাজ্যখনত বিগত বিশ বছৰত শিশু মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য সদৰি কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সযোগে এই তথ্য ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মাতৃ আৰু শিশু স্বাস্থ্য সেৱাৰ সৱলীকৰণৰ লগতে বিভিন্ন কল্যাণকামী আঁচনিৰ বাবেই এই ইতিবাচক পৰিৱৰ্তন সম্ভৱ হোৱা বুলি উল্লেখ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, অসমত ২০০৪ চনত প্ৰতি হাজাৰ জীৱিত শিশুৰ জন্মৰ বিপৰীতে শিশু মৃত্যুৰ হাৰ আছিল ৪৯ শতাংশ। পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২৪ চনত এই পৰিসংখ্যা ২৯ শতাংশলৈ হ্ৰাস পাবলৈ সক্ষম হয়, যাৰ ফলত ৰাজ্যখনৰ শিশু স্বাস্থ্য খণ্ডত এক ডাঙৰ অগ্ৰগতি পৰিলক্ষিত হৈছে। সাধাৰণতে শিশু মৃত্যুৰ হাৰ হৈছে এনে এক স্বাস্থ্য সূচক, যাৰ জৰিয়তে প্ৰতি হাজাৰ জীৱিত শিশুৰ জন্মৰ বিপৰীতে এবছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা গণনা কৰা হয়।
ৰাজ্যৰ এই স্বাস্থ্যখণ্ডৰ উন্নয়ন সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে, “এদশক পূৰ্বে অসমৰ বহু পৰিয়ালে অতি কম বয়সতে সন্তান হেৰুৱাৰ এক চৰম বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। শক্তিশালী মাতৃ আৰু শিশু স্বাস্থ্য সেৱা, উন্নত চিকিৎসা সঁজুলি আৰু বিভিন্ন কল্যাণকামী আঁচনিৰ ফলস্বৰূপেই বৰ্তমান আমাৰ শিশু মৃত্যুৰ হাৰ ২০০৪ চনৰ ৪৯ ৰ পৰা ২০২৪ চনত ২৯ লৈ হ্ৰাস পাইছে।”
এই পৰিসংখ্যাক এক আশাপ্ৰদ অগ্ৰগতি হিচাপে অভিহিত কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ সূচকসমূহ অধিক উন্নত কৰিবলৈ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলিও তেওঁ নিজৰ বিবৃতিত মন্তব্য কৰে। উন্নত স্বাস্থ্য আন্তঃগাঁথনি, মাতৃ আৰু শিশুৰ চিকিৎসা সেৱাৰ সহজলভ্যতা আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ চৰকাৰী পৰ্যায়ত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবেই এই সফলতা লাভ কৰা বুলি চৰকাৰী পৰ্যায়ত প্ৰকাশ কৰা হৈছে।
