সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কু-অভিপ্ৰায়ৰ মাজতেই জম্মু-কাশ্মীৰৰ পুঞ্চত ধৰা পৰিল এটা সন্দেহজনক পাকিস্তানী ড্ৰোন। ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰি সেনাৰ অগ্ৰৱৰ্তী চকীৰ সমীপত কিছু সময় উৰি থকাৰ পিছতেই সন্দেহজনক ড্ৰোণটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে ভাৰতীয় সেনাবাহিনীয়ে।
বিষয়াসকলৰ মতে, জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত যোৱা সোমবাৰে নিশা এই ঘটনাটো সংঘটিত হয়। সীমান্তত নিয়মীয়া নিৰীক্ষণৰ সময়ত সেনা জোৱানসকলে ড্ৰোনটোৰ চলাচল চিনাক্ত কৰে।
জানিব পৰা মতে, ড্ৰোনটো কিছু সময়ৰ বাবে ভাৰতীয় সেনাৰ অগ্ৰৱৰ্তী ঘাটিৰ ওপৰত বা তাৰ আশে-পাশে উৰি আছিল। ইয়াৰ পিছতেই সেনা জোৱানসকলে ড্ৰোণটোলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰে।
সেনা সূত্ৰৰ দাবী অনুসৰি, গুলীচালনাৰ পিছতেই ড্ৰোণটো পাকিস্তান অধিকৃত কাশ্মীৰৰ দিশলৈ ঘূৰি যায়। সেনাই ড্ৰোণটো ভূপতিত কৰিবলৈ সক্ষম নহ’লেও ভাৰতীয় আকাশসীমা এৰি থৈ গুচি যাবলৈ বাধ্য হয় বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।
একাংশ প্ৰতিবেদনত উল্লেখ কৰা মতে, ড্ৰোনটো প্ৰায় এক হাজাৰ মিটাৰতকৈও অধিক উচ্চতাৰে উৰি আছিল। সেনা জোৱানসকলে কেইবাজাঁয়ো গুলী ফুটাই সেইটোক খেদি পঠিয়াবলৈ চেষ্টা চলায়।
এই ঘটনাৰ পিছত মঙলবাৰে পুৱাৰে পৰা সংশ্লিষ্ট অঞ্চলটোত এক ব্যাপক তালাচী অভিযান চলোৱা হয়। ড্ৰোনটোৱে কোনো মাৰণাস্ত্ৰ, বিস্ফোৰক বা আন কিবা সামগ্ৰী পেলাই থৈ গৈছে নেকি, তাক পৰীক্ষা কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অনুসন্ধান আৰম্ভ কৰে। অৱশ্যে প্ৰাথমিক তদন্তত তেনে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰণৰেখাৰ সমগ্ৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা এতিয়া অধিক কটকটীয়া কৰা হৈছে। শেহতীয়া সময়ছোৱাত সীমান্ত অঞ্চলত ড্ৰোনৰ চলাচল বৃদ্ধি পোৱাৰ বাবে নিৰাপত্তা সংস্থাসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।
কৰ্তৃপক্ষৰ আশংকা অনুসৰি, সীমান্তত নিৰীক্ষণ চলোৱা, চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা অথবা অবৈধ সামগ্ৰী সৰবৰাহৰ উদ্দেশ্যে এই ড্ৰোণবোৰ ব্যৱহাৰ কৰিব পাৰে। ফলত সমগ্ৰ ঘটনাটোক অতি গুৰুত্বসহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে।
