মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

আকাশমাৰ্গত এজন যাত্ৰীৰ অস্বাভাৱিক আচৰণক কেন্দ্ৰ কৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমানত। বিমানখনৰ খিৰিকীত বাৰে বাৰে মূৰেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে উক্ত যাত্ৰীজনৰ বিৰুদ্ধে। অৱশ্যে শেষ পৰ্যন্ত বিমানখন সুৰক্ষিতভাৱে দিল্লীত অৱতৰণ কৰে।

এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ৭ জুনত চণ্ডীগড়ৰ পৰা দিল্লী অভিমুখী এআই-১৮৭৯ বিমানখনত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, বিমানখন আকাশমাৰ্গত উৰি থকাৰ সময়তে এজন যাত্ৰীয়ে হঠাতে নিয়ন্ত্ৰণহীন আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু বিমানৰ খিৰিকীৰ আইনাত বাৰে বাৰে মূৰেৰে খুন্দিয়াবলৈ ধৰে।

ইয়াৰ ফলত খিৰিকীৰ ভিতৰৰ এক্ৰিলিক স্তৰটোৰ ক্ষতিসাধন হয়। এই ঘটনাটোক লৈ বিমানকৰ্মীসকলৰ মাজত যথেষ্ট উদ্বেগৰ সৃষ্টি হয় যদিও যাত্ৰী, ক্ৰু মেম্বৰ অথবা বিমানখনৰ নিৰাপত্তা কোনো সময়তে বিঘ্নিত হোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে বিমান সংস্থাটোৱে।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ককপিট ক্ৰুৱে নিৰ্ধাৰিত নিৰাপত্তা নিয়ম অনুসৰণ কৰে। লগতে উক্ত যাত্ৰীজনক কেইবাবাৰো সকীয়াই দিয়া হয়।

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, দিল্লীত অৱতৰণ কৰাৰ পিছতেই উক্ত যাত্ৰীজনক নিৰাপত্তা সংস্থাৰ হাতত গতাই দিয়া হয়। এই ঘটনাৰ সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থাকো ইতিমধ্যে অৱগত কৰা হৈছে।

এয়াৰ ইণ্ডিয়াই জনোৱা মতে, যাত্ৰী আৰু বিমানকৰ্মীসকলৰ নিৰাপত্তা বিপন্ন কৰিব পৰা যিকোনো আচৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ‘শূন্য সহনশীলতা’ নীতি আছে। সংস্থাৰ এক আভ্যন্তৰীণ কমিটীয়ে এই ঘটনাৰ পৰ্যালোচনা কৰিব আৰু উক্ত যাত্ৰীজনক ‘উচ্ছৃংখল যাত্ৰী’ হিচাপে চিহ্নিত কৰা হ’ব নে নহয়, সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

নিয়ম অনুসৰি, যাত্ৰীজনক ‘নো-ফ্লাই’ (বিমান যাত্ৰা নিষিদ্ধ) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টোও বিবেচনা কৰা হ’ব পাৰে। ইয়াৰ সমান্তৰালভাৱে, বিমান নিৰাপত্তা বিধি অনুসাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *